চিলাপথাৰত খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি। ১১ খন গাঁওৰ ৰাইজৰ উপস্থিতিত ৫৫ জনীয়া উদযাপন সমিতি গঠন।
অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী সোণোৱাল কছাৰী সকলৰ পৰম্পৰাগত মূল পূজা হ’ল খ্ৰীং খ্ৰীং বাইথ’ পূজা (শিৱ)। চিলাপথাৰ চিলা গাঁওৰ বাইথ’ মন্দিৰত এইবাৰ অনুষ্ঠিত হ’ব খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ ৰূপালী জয়ন্তী সমাৰোহ। এই সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে (কালি) চিলগাওস্থিত বাইথ’ মন্দিৰত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাৰ আহ্বায়ক সমিতিৰ সভাপতি জোন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য বাখ্যা কৰে সম্পাদক চন্দন কছাৰীয়ে। সভাত বক্তব্য প্ৰদান কৰি চিলাপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক নন্দেশ্বৰ কছাৰীয়ে __এনে এক বিশাল অনুষ্ঠান আয়োজনৰ বাবে ৰাইজৰ অকুণ্ঠ সমৰ্থন আৰু পূৰ্ণ সহযোগিতা থাকিব লাগিব। ৰূপালী জয়ন্তী উপলক্ষত প্ৰকাশ পাব লগীয়া স্মৃতি গ্ৰন্থৰ সন্দৰ্ভত বক্তব্য ৰাখি শিক্ষাবিদ জনে পুনৰ কয় যে এই স্মৃতিগ্ৰন্থ খনে যুগমীয়া কৰি ৰাখিব ৰূপালী জয়ন্তীৰ সমাৰোহৰ ইতিহাস।

জনগোষ্ঠীটোৰ বৰ্নময় সাহিত্য,কৃষ্টি- সংস্কৃতিৰ দাঙি ধৰিব লগা বৃহৎ কলেবৰৰ স্মৃতিগ্ৰন্থৰ বাবে প্ৰস্তুতি চলাবলৈ ন-পুৰণি লিখক লেখিকাৰ প্ৰতি আহ্বান জনালে। বাইথ’ পূজাৰ আড়ম্বৰপূ্ৰ্ণ কৰ্যসুচীৰ মাজতে পূজাৰ আধ্যাত্মিক দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলি এই ক্ষেত্ৰত সজাগ হ’বলৈ ৰাইজৰ প্ৰতি গোহাৰি জনায়। অন্ততঃ এটা দিনৰ বাবে ত্যাগ স্বীকাৰ কৰিব লাগিব প্ৰতিজন সোণোৱাল কছাৰী ৰাইজে বুলি কয়। সভাখনত সোণোৱাল কছাৰী সকলৰ পৰম্পৰগত কৃষ্টি সংস্কৃতি, তোৰন,স্বেচ্ছাসেৱক, আপ্যায়ন,উদযাপন সমিতি গঠন,শুভাযাত্ৰা আদি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। সভাত উপস্থিত থাকি সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালে __সোনোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ গঠনৰ মূল লক্ষ্যই আছিল জাতিটোক সৰ্বটো প্ৰকাৰে আগুৱাই নিয়া। বাইথ’ পূজা হ’ল সোণোৱাল জাতিৰ স্বকীয়তাৰ পুৰাতন পৰিচয়। জাতিৰ স্বাভিমান বাইথ’ পূজাভাগ সফল কৰি তুলিবলৈ সকলোৰে সহযোগৰ অবিহনে সম্ভৱ নহয় বুলি মন্তব্য কৰি জাতিৰ উন্নতিৰ বাবে ঐক্য, শান্তি লাগিব বুলি মন্তব্য কৰি কেবল পূজা পাতলেই নহয় সমান্তৰাল ভাৱে ক্ৰীড়া, শিক্ষা,সংস্কৃতি আদি সকলো দিশে আগুৱাই যাব লাগিব বুলি মন্তব্য কৰি ৰূপালী জয়ন্তী সমাৰোহ পৰিচালনাৰ বাবে চৰকাৰৰ পৰা পাঁচ লক্ষাধিক টকা অৰ্থ সহাৰ্যৰ বাবে চৰকাৰৰ হৈয়ে যোগাযোগ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

বিষয় শিক্ষক মহিম বৰুৱাই সভাত ভাগ লৈ ___লষ্ট অফ হেৰিটেজ ইজ লষ্ট অফ আইডেনটিতি বুলি মন্তব্য কৰি এনে এক বিশাল অনুষ্ঠান সুশৃংখলিতভাৱে আৰু সফলতাৰে অনুষ্ঠিত কৰিবলৈ সকলোকে আগুৱাই আহিবলৈ আহ্বান জনাই। উক্ত সভাতেই সোণোৱাল কাছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালৰ সভাপতি আৰু চন্দন সোণোৱালক সম্পাদক হিচাপে লৈ এখন ৫৫ জনীয়া উদযাপন সমিতি গঠন কৰা হয়। সভাত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালক সভাপতি আৰু চন্দন কছাৰীক সম্পাদক হিচাপে লৈ এখন ৫৫ জনীয়া উদযাপন সমিতি গঠন কৰে।সভাত প্ৰধান শিক্ষক ৰমেশ সোণোৱাল,হোমেন সোণোৱাল আদি বহু ব্যক্তিয়ে গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে বহু বিশিষ্ট সমাজকৰ্মী,শিক্ষাবিদ,সংস্কৃতি কৰ্মী,সোণোৱাল জনগোষ্ঠী বিভিন্ন সংগঠনৰ কৰ্ম কৰ্তাৰ লগতে বৃহত্তৰ চিলাপথাৰ অঞ্চলটোৰ ১১ খন গাঁওৰ ৰাইজ।
শম্ভু দাস চিলাপথাৰ
ধেমাজি

