Breaking

বিশ্বকাপ ফাইনেললৈ আহিব বিখ্যাত গায়িক দুয়া লিপা…

0 147

দুয়া লিপাঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামলৈ আহিব বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেলৰ বাবে বিখ্যাত ব্ৰিটিছ গায়ক দুয়া লিপা। সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগী আছে। ১৯ নৱেম্বৰৰ বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেল। টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰাৰ পিছৰে পৰা ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে এই দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু ক্ৰিকেটৰ প্ৰতি আগ্ৰহী নোহোৱা সেই সকলেও এই দিনটোৰ বাবে অপেক্ষা কৰিছে। এই অপেক্ষা বিশ্বকাপৰ ফাইনেলত প্ৰদৰ্শন কৰিবলৈ অহা দুয়া লিপাৰ বাবে। লিপাৰ ভাৰতলৈ অহাৰ কথা ঘোষণাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং আৰম্ভ কৰিছে লিপাৰ।

দুয়া লিপাৰ বয়স মাত্ৰ ২৮ বছৰ যদিও সমগ্ৰ বিশ্বতে তেওঁৰ ফেন ফ’ল’ৱাৰ আছে। দুয়া লিপা আলবেনিয়ান মূলৰ এগৰাকী ব্ৰিটিছ গায়ক। মডেলিং কৰিও নিজে গীত ৰচনা কৰিছে। মানুহে কেৱল তেওঁৰ কণ্ঠক প্ৰশংসা কৰাই নহয়, তেওঁৰ সৌন্দৰ্য্যও ভাল পায়। মাত্ৰ ১৫ বছৰ বয়সতে গায়িকা হোৱাৰ হেঁপাহ লৈ আলবেনিয়াৰ ক’ছ’ভাৰ পৰা লণ্ডনলৈ আহিছিল।

Leave A Reply

Your email address will not be published.