উজনি-মাজুলী, ১৭ নৱেম্বৰঃ অসমৰ বিশিষ্ট কবি-সংগঠক তথা ৰঙাচাহী মহাবিদ্যালয়ৰ সমাজ-তত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা লখিমী বৰুৱাই নিজৰ সৃজনীশীল প্ৰতিভাৰে সকলোকে আপ্লুত কৰি তুলিছে | সততে আমি পঢ়া বাতৰি কাকতখন প্ৰতিদিনে পঢ়াৰ অন্তত পেলনীয়া সামগ্ৰী হেন জ্ঞান কৰো অথবা দোকানত কিলোগ্ৰামৰ ওজন কৰি বিক্ৰী কৰি দিওঁ | কৰ’ণা কালতো সকলোৱে বাতৰিখনৰ ব্যৱহাৰ এনেদৰেই কৰিছিলো | বাতৰি কাগজৰ এনে নৈমিত্তিক ব্যৱহাৰৰ বিপৰীতে ৰঙাচাহী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা লখিমী বৰুৱাই বাতৰি কাগজৰ পৰাই দেখুৱাইছে বুদ্ধিদ্বীপ্ত নতুন চিন্তা | প্ৰতিদিনৰ কাকতসমূহত থকা বচা বচা বাতৰি, ফটো, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বাতৰি, বিজ্ঞান-প্ৰযুক্তিবিদ্যা, হীমা দাসৰ জীৱন-চৰিত ইত্যাদি বাতৰিসমূহ আৰু বচা বচা অংশসমূহ কাটি কাটি একাদিক্ৰমে সজাই লৈ ফ্লেক্সপ্ৰিন্ট কৰি বিশাল বিশালকৈ বন্ধাই ঊন্নৈশখন হৰ্ডিং ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়ায় | এই উদ্দেশ্যে আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ সভা ৰঙাচাহী মহাবিদ্যালয় প্ৰাঙ্গণত আয়োজন কৰা হয় | ৰঙাচাহী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক তৰুণ নাথে আঁত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, পীতাম্বৰদেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট বুদ্ধিজীৱী ঘন নাথে এই অনুষ্ঠানটিৰ শুভ উন্মোচন কৰে | লখিমী বৰুৱাৰ এই বিশেষ পদক্ষেপটিৰ নাম আছিল ‘প্ৰয়াস’ | ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট কবি-ডক্টৰ নৱকুমাৰ গাম, পৰিচালনা সমিতিৰ মুখ্যমন্ত্ৰীৰ মনোনীত সদস্য জয়ন্ত নাথ, মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি অমূল্য চন্দ্ৰ বৰাই লখিমী বৰুৱাৰ ‘প্ৰয়াস’ সন্দৰ্ভত মনোগ্ৰাহী বক্তব্য আগবঢ়োৱাৰ লগতে প্ৰশংসা কৰে | মাজুলী জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক জয়ন্ত হাজৰিকাই লখিমী বৰুৱাৰ ব্যতিক্ৰমী প্ৰয়াস উত্তৰ-পুৰুষৰ নতুন দিকদৰ্শন বুলি বক্তব্য আগবঢ়ায় | মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ক’ভিড-১৯ প্ৰ’টকল ৰক্ষা কৰি উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে মাজুলীৰ সংবাদ-মাধ্যমৰ প্ৰতিনিধি উপস্থিত থকা এই সভাখনত লখিমী বৰুৱাই নিজৰ বক্তব্যত কয় যে ,এগৰাকী শিক্ষয়িত্ৰী হিচাপে সামাজিক দায়বদ্ধতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ বাবে নতুন চিন্তা কৰাৰ একান্তই প্ৰয়োজনীয়তা উপলব্ধি কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে | নতুন পুৰুষৰ উদ্যমীতা আৰু ন-চিন্তাৰ খোৰাক জগোৱাৰ বাবেই নিজৰ একক প্ৰচেষ্টাৰে এই কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ উৎসাহ লাভ কৰিছো |’ অনাগত দিনতো এনে ব্যতিক্ৰমী প্ৰয়াস গ্ৰহণকৰা হ’ব বুলি লখিমী বৰুৱাই নিজৰ বক্তব্যত উল্লেখ কৰে | লখিমী বৰুৱাৰ এই প্ৰয়াসত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষ আনন্দিত হোৱা বুলি এই প্ৰতিবেদকৰ আগত মন্তব্য কৰিছে | ইফালে স্থানীয় লোকৰ মাজতো এই সংবাদে বিশেষ আহ্লাদিত হোৱা বুলি জানিব পৰা গৈছে |
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…