গুৱাহাটী, ২০ নৱেম্বৰ : গুটকা, পান মছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্ৰীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ বা বিক্ৰীৰ ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰৰ বাবে বৃদ্ধি কৰিবলৈ দাবী জনাইছে কনজুমাৰ্ছ লিগেল প্ৰটেক্টশ্বন ফৰামে। ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তৰ দাযিত্বত থকা স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীক ফৰামৰ প্ৰতিনিধি দল এটাই শুকুৰবাৰে সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰে। ফৰামে আয়ুক্ত সচিব গৰাকীক এই সন্দৰ্ভত এখন পত্ৰও প্ৰদান কৰে । ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই পত্ৰখনত উল্লেখ কৰে যে বৰ্তমানৰ কোভিড জনীত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থা, আইচিএমআৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। ৰাজ্যবাসীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ধঁপাত বা নিকোটিন যুক্ত গুটকা, পান মছলাৰ ওপৰত থকা নিষেধাজ্ঞাৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰিব লাগে । নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতাল এণ্ড ৰিছাৰ্চ ইনষ্টিটিউট , গুৱাহাটীৰ পৰিচালন সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাই ফৰামৰ এই দাবীৰ সমৰ্থনত কয় – সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰতি বছৰে ৩৯ হেজাৰ লোক কৰ্কট ৰোগৰ নতুনকৈ আক্ৰান্ত হয়। ইয়াৰে কেৱল অসমতে ২৯ হেজাৰ লোক প্ৰতি বছৰে নতুনকৈ কৰ্কট ৰোগৰ আক্রান্ত হয়। ধঁপাতৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলতে অসম কৰ্কট ৰোগৰ অভিকেন্দ্ৰ হৈ পৰিছে। সমগ্র দেশত গঢ় হিচাপে ২৮.৬% লোকে ধঁপাত সেৱন কৰাৰ বিপৰীতে অসমত ধঁপাত সেৱন কৰা লোকৰ গড় পৰিমাণ ৪৮.২% । সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসমত ধঁপাত সেৱনকাৰীৰ সংখ্যা দুগুণ। ৰাজ্যৰ ৪১.৭% লোকে ধোঁৱাবিহীন ধঁপাত সেবন কৰাৰ বিপৰীতে ১৩.৩% লোকে ধোঁৱাযুক্ত ধঁপাত সেৱন কৰে । অসমত ধোঁৱাবিহীন ধঁপাত সেৱনকাৰীৰ সংখ্যা ধোঁৱাযুক্ত ধঁপাত সেৱনকাৰীৰ সংখ্যাতকৈ তিনিগুন অধিক । ভাৰতত প্রায় ৮-৯ লাখ লোক ধঁপাত সেৱণৰ ফলত প্ৰতিবছৰে মৃত্যু মুখত পৰে । সমগ্ৰ বিশ্বত প্ৰতিবছৰে ৮০ লাখত কৈ অধিক লোকৰ মৃত্যু ধঁপাত সেৱনৰ ফলত হয়। ৰাজ্যত ধঁপাত আৰু নিকোটিন যুক্ত গুটকা আৰু পানমছলাৰ ওপৰত নিষেধাজ্ঞা ম্যাদ পুনৰ এবছৰ বৃদ্ধিৰ সপক্ষে দৃঢ় মত প্ৰকাশ কৰি ডনবস্ক ইনষ্টিটিউট , যোৰহাটৰ ছাত্ৰী দৰ্শনা শইকীয়া আৰু বৰ্ষা গগৈয়ে কয় – গ্লোবেল এডাল্ট টবেক’ সাৰ্ভে (গেট) ৰ তথ্য অনুসৰি অসমৰ ২৫.৩% পুৰুষ আৰু ০.৮% মহিলাই ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। আনহাতে ৫০.৫% পুৰুষ আৰু ৩২.৫% মহিলাই ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। গেট-১ ৰ সমীক্ষা অনুসৰি ৰাজ্যত ৩৯.৩% লোকে ধঁপাত সেৱন কৰিছিল যদিও গেট-২ ৰ সমীক্ষাৰ মতে অসমত ধঁপাত সেৱণকাৰীৰ সংখ্যা ৯% বৃদ্ধি পাই ৪৮.২% হয় । আনকি অসমত কম বয়সত প্ৰথম বাৰৰ কাৰণে ধঁপাত সেৱন কৰা যুৱ প্ৰজন্মৰ পৰিমান পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…