অসম ফুটবল সন্থাৰ উদ্যোগত ৮ ডিচেম্বৰ, সোমবাৰৰ পৰা চিৰাঙৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ হৈছে অসম ৰাজ্যিক মহিলা ফুটবল লীগ । এয়া হ’ল ৰাজ্যিক মহিলা ফুটবল লীগৰ প্ৰথম সংস্কৰণ । বিজনী জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত উক্ত লীগ শুকুৰবাৰে বিয়লি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ড৹ ছাংগ্ৰাং ব্ৰহ্মই । উদ্বোধনী খেলত “এ” গ্ৰুপৰ চৰাইদেউ জিলাৰ সোণাৰি টাউন ক্লাবে গোৰেশ্বৰ টাউন ক্লাবক ৬- ১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে । উদ্বোধনী অনুষ্ঠানত অসম ফুটবল সন্থাৰ উপ-সভাপতিদ্বয় হেমেন্দ্ৰ নাথ ব্ৰহ্ম, কবিৰঞ্জন ব্ৰহ্ম, বিশিষ্ট ফুটবল খেলুৱৈ দুৰ্গা বড়ো, বিজনী জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰোমিও কুমাৰ ব্ৰহ্মসহ ভালেমান অতিথি উপস্থিত থাকে । পুৱা অনুষ্ঠিত প্ৰথম মেচত দুলীয়াজানৰ অইল লক্ষ্য দলে গোৱালপাৰাৰ লেডী বাগ এফ চিক ৮-০ গ’লত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰে । মুঠ ১২ টা দলৰ এই মহিলা ফুটবল লীগৰ আন দলকেইটা হ’ল — কোকৰাঝাৰ পাটগাঁৱৰ এভালেন্স স্পৰ্টছ ক্লাব, দুলীয়াজান টি ইষ্টেট এফ চি, ডিমাকুছিৰ ৰয়েল ব্ৰাদাৰ্ছ এফ চি, ডিফুৰ কাছা গাৰ্লছ এফ চি, মৰিগাঁৱৰ লুইতপুৰীয়া এফ চি, গুৱাহাটী লখৰাৰ উদয়ন কৃষ্টি সংঘ, ভেৰগাঁৱৰ ছানৰাইজ এছ চি আৰু কোকৰাঝাৰ ছাই গাৰ্লছ । খেলসমূহ ডাবল লেগত অনুষ্ঠিত হ’ব আৰু মুঠ তিনিটা গ্ৰুপৰ পৰা শীৰ্ষ দুটাকৈ দলে পৰৱৰ্তী ৰাউণ্ডত খেলিব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- খিলঞ্জীয়া মুলসুতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- ইউএছটিএমত জৈৱবিজ্ঞানৰ বিষয়ক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ
- সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান
- এতিয়া ফুল ফুলাৰ বতৰ…
- কৃতী ছাত্ৰ পিনাক পৰাণ কাশ্যপক নাগশংকৰ আলোকৰ শুভাশীষ প্ৰদান…
- ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…
- এটুকুৰা কাঠত প্ৰতিভা আৰু সাধনাৰে চিৰযুগমীয়া ঢৌ তুলিছে জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে…
- মঙলদৈত জাক জাক বান্দৰৰ সন্ত্ৰাস ! প্ৰাতঃভ্ৰমণকাৰীক আক্ৰমণ…
- আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতাৰ সামৰণি…
- নাজিৰাত ৰাজ যোগ প্ৰেক্ষাগৃহ মুকলি…