মিজোৰামত কেবিনেট মন্ত্ৰী হৈ ইতিহাস সৃষ্টি কৰিলে লালৰিনপুইয়ে…

মিজোৰামত মহিলা মন্ত্ৰীঃ মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা মন্ত্ৰী লালৰিনপুই। বিধানসভা নিৰ্বাচনত লালৰিনপুইয়ে লুংলেই ইষ্টত কংগ্ৰেছ প্ৰাৰ্থী জোচেফ লালহিমপুয়াক ১৬৪৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। জোৰাম পিপলছ মুভমেণ্টৰ নেতা লালডুহোমাই শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কেবিনেটৰ একমাত্ৰ মহিলা মন্ত্ৰী লালৰিণপুই। লালৰিনপুইক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সমাজ কল্যাণ আৰু জনজাতি পৰিক্ৰমা, মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে।

জেড পি এমৰ লুংলেই জিলাৰ সভাপতি লালৰিনপুই মিজোৰামৰ ইতিহাসত মন্ত্ৰী হোৱা মাত্ৰ তৃতীয়গৰাকী মহিলা। ৰাজনীতিত নিজৰ নাম উজলাই তোলাৰ উপৰিও লালৰিনপুইয়ে বেংগালুৰুত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা হোষ্টেলও চলাই আছে।


Related Articles