জামুগুৰিহাট, ২১ নবেম্বৰ: অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়ন হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অহা ২৯ নৱেম্বৰ, দেওবাৰে পুৱা ১১ বজাত ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ উত্তৰ পূব ব্যৱসায়ী সন্থাৰ প্ৰেক্ষাগৃহত আহ্বান কৰা হৈছে। সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই জানিবলৈ দিয়া মতে উক্ত সভাত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিবেশনৰ হিচাপ দাখিলৰ লগতে আগন্তুক ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গোলাঘাট জিলাৰ সহযোগত অসম নগাৰাজ্যৰ সীমান্তৱৰ্তী দৈয়াং শাখা সন্মিলনীৰ আতিথ্যত অনুষ্ঠিতব্য পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন সম্পর্কে আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। সভাখনত সমূহ বিষয়ববীয়া, কেন্দ্রীয় কাৰ্যনিৰ্বাহ সদস্য, জিলা আৰু আঞ্চলিকৰ সভাপতি, সম্পাদক আৰু দুয়োখন উদ্ যাপন সমিতিৰ বিষয়ববীয়াসকলক উপস্থিত থাকিবলৈ ইয়াৰ দ্বাৰাই আহ্বান জনাইছে প্ৰধান সম্পাদক মিংকু কলিতাই। উল্লেখ্য যে শোণিতপুৰ জিলা সাহিত্য সন্মিলনীৰ সহযোগত অনুষ্ঠিত হ’বলহীয়া সভাখনতে সন্মিলনীৰ ভৱিষ্যত কাৰ্যপন্থা সম্পর্কে ও বিস্তৃতভাৱে আলোচনা কৰি সন্মিলনীৰ বাৰ্ষিক বঁটাসমূহ প্ৰদানৰ দিন নিৰ্ধাৰণ, আগন্তুক ২০২১-২৩ বৰ্ষৰ বাবে সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া প্ৰমুখ্যে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰো সম্ভাৱনা আছে বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…
- ২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…
- ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…