জামুগুৰিহাট,২১ নৱেম্বৰ : কাজিৰঙা বুলি ক’লে অথবা পৰ্যটনথলী বুলি ক’লে কহঁৰা, বাগৰী এই নাম দুটাই মানুহে শুনিছিল কিন্তু আজি কাজিৰঙাত নতুনকৈ সংযোজন হ’ল পৰ্যটলস্থলী পানপুৰ ৷ য’ত মোৰ পানপুৰক লৈ কৰা সপোন জড়িত হৈ আছিল ৷ ৮৫ চনৰ পিছত আমাৰ চৰকাৰৰ দিনত সপ্তম, অষ্টম আৰু নৱম সংযোজনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক মাটি দিয়া হৈছে আৰু সেই মাটিৰ পৰিমাণ অনুপাতত কহঁৰা-বাগৰীতকৈও গুৰুত্বপূৰ্ণ স্থান এই পানপুৰ হ’ব ৷ কাৰণ বৰ্তমান কাজিৰঙাৰ জীৱ-জন্তু এই দিশলৈ বেছিকৈ আহিবলৈ লৈছে ৷ তদুপৰি এই পৰ্যটনস্থলীত জীপ চাফাৰি হাতী চাফাৰীৰ ব্যৱস্থা কৰাত যথেষ্ট সম্ভাৱনা পূৰ্ণ হৈ পৰিল পানপুৰ ৷ এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ অসমৰ পৰ্যটন মানচিত্ৰত আজিৰ পৰা নতুনকৈ সংযোজন হোৱা জামুগুৰিহাটৰ পানপুৰঘাটৰ পৰ্যটনস্থলীৰ লগতে জীপ চাফাৰি মুকলি অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় বিধায়ক হাজৰিকাই ৷ পানপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্ব হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানটোত অলপতে কাজিৰঙাৰ নৱম সংযোজনৰ অন্তৰ্ভুক্ত বৃহৎ ভূমিৰাশিৰ মাটিসমুহ কিদৰে সেই অঞ্চলসমুহত চৰকাৰী মাটি বেদখল কৰি অবৈধভাৱে বসবাস কৰা সন্দেহযুক্ত নাগৰিকক প্ৰশাসনৰ জৰিয়তে উচ্ছেদ চলাই বহু বাধাবিঘিনি নেঁওচি মুক্ত কৰিবলগীয়া হৈছিল সেই সময়ৰ ঘটনাসমুহৰো সভাত ৰোমন্থন কৰে বিধায়ক হাজৰিকাই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰখনৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটনৰ বাবে মুকলি কৰি দিয়াৰ পাছতে শোণিতপুৰ জিলাৰ উপাযুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, বিশ্বনাথৰ উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডল প্ৰাধিকাৰি মুকুট দাসকে ধৰি সকলোৱে ১১খন জীপ চাফাৰিৰ জৰিয়তে পানপুৰ বনাঞ্চলৰ ভিতৰভাগ পৰিভ্ৰমণ কৰি নৈসৰ্গিক দৃশ্যও উপভোগ কৰে। বৰ্তমান জীপ আৰু হাতী চাফাৰিৰ জৰিয়তে পৰ্যটকে পানপুৰ বনাঞ্চলৰ ভিতৰত থকা পৃথিৱী বিখ্যাত এশিঙীয়া গড়, হাতী, নল গাহৰি, বাঘকে ধৰি বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে দেশ বিদেশৰ পৰা উৰি আহি বিল জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে পৰ্যটকৰ বাবে পানপুৰ বনাঞ্চল মুকলি কৰা অনুষ্ঠানটিত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰি পাৰিপাৰ্শ্বিকতাৰ হেতু কাম কৰা জামুগুৰিহাটত ৫ টাকৈ সংগঠণক মুঠ ২৫ লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক হাজৰিকাই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…