ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ বহু প্ৰত্যাক্ষিত ফিল’কাপ ২০২০ আজিৰে পৰা ফিল’বাৰী হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে । অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল’বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা ২২ সংখ্যক আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগীতাখনি উদ্বোধন কৰে গাভৰুভেটি গাওঁ পঞ্চায়তৰ সভাপতি কিৰণ চাৰিঙ্গীয়া ফুকনে । আজিৰ পৰা অনুষ্ঠিত হোৱা ফিল’কাপ ২০২০ প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ডুমডুমা মৰ্নীং ক্লাৱ বনাম সূৰ্যোদয় এফ চি চাবুৱাৰ মাজত। ডুমডুমা মৰ্ণিং ক্লাবে সূৰ্যোদয় এফ চি চাবুৱা দলক ২-০ গলত পৰাজয় কৰে । ডুমডুমা মৰ্ণিং ক্লাবে ১১ মিনিটত এটা পেনালটি কীকৰ সুযোগ লাভ কৰি অভিজিৎ তাঁতীয়ে আৰু ৫০ মিনিটত লালিত সোনোৱালে একোটাকৈ গ’ল দি দলক বিজয়ী সাব্যস্ত কৰে । ফিল’কাপৰ প্ৰথমখন খেল পৰিচালনা কৰে ইনোদ চাউৰকে লাইনত সহায় কৰে প্ৰাণজ্যোতি চুতীয়া আৰু মৃদুল বৰপাত্ৰ গোঁহাই, চতুৰ্থ ৰেফাৰী নৰেণ চাউৰকে । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জয়ন্ত দহোতীয়া, বদৌচা স্প’ষ্ট ক্লাবৰ সম্পাদক সীমান্ত মৰাণ, ক্ৰীড়া সম্পাদক দুৰ্ণ কান্ত মৰাণ, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তুলসী উপাধ্যায়, সমাজসেৱক ৰাজেন মেধিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত । ফিল’কাপৰ দ্বিতীয় খন খেল অনুষ্ঠিত হ’ব দুলিয়াজান ৰজাআলি এফ চি বনাম ফিল’বাৰী এফ চিৰ মাজত ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…