জল-জীৱন মিচনৰ ঠিকাদাৰ-কৰ্মচাৰীক সকীয়নী জয়ন্ত মল্ল বৰুৱাৰ – কামত গাফিলতি ধৰা পৰিলে বিভাগ অত্যন্ত কঠোৰ হ’ব ।। জেংৰাইমুখত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ জয়ন্ত মল্ল বৰুৱাৰ ।।
মাজুলীত দুদিনীয়া কাৰ্যসূচীৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আজি নিমাতী ঘাটৰ পৰা বিশেষ ফেৰীৰে মাজুলীৰ কমলাবাৰী পাৰঘাটত উপস্থিত হ’য়। মাজুলীত উপস্থিত হোৱাৰ পাছতে কমলাবাৰী পাৰঘাটত মন্ত্ৰীগৰাকীক উষ্ম আদৰণি মাজুলীৰ বিধায়ক ভূৱন গাম তথা মাজুলী জিলাৰ আয়ুক্ত কাবেৰী শৰ্মা, আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, জিলা বিজেপিৰ বিভিন্ন কৰ্মকৰ্তাই । ইয়াৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৱৰ্ত্ত ভৱন অভিমূখে ৰাওনা হ’য় । ইয়াৰ পাছতে জল-জীৱন মিছনৰ বিভাগীয় পৰ্যালোচনা সভাত অংশগ্রহণ কৰে। মাজুলী জিলাৰ পানী যোগান আচনি চলি আছিল সেই পানী যোগান আচনি বিলাকত কিছুমান অসুবিধা আৰু আচনি সমূহ কাৰ্যক্ষম নোহোৱা ইত্যাদি কিছু ৰিপৰ্ট আহি আছিল। যাৰ পৰিপ্ৰেক্ষিতত যোৱা তিনিদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অভিযন্তা সকল প্ৰতিটো আচনিলৈকে গৈ আচনি সমূহৰ সামগ্ৰিক বুজ লোৱাৰ লগতে ইয়াত তথ্য যোৱা তিনিদিন ধৰি সংগ্ৰহ কৰিলে।

ইয়াৰ উপৰিও জলসিঞ্চন, জলসম্পদ বিভাগ আদিৰ পৰা অহা অভিযন্তা সকলেও প্ৰতিটো আচনিলৈকে গৈ তাৰ অসুবিধা বিলাক কেনেকৈ ঠিক কৰিব পৰা যায়, কোন দায়বদ্ধ বিষয়াৰ বাবে আচনি সমূহত সমস্যা দেখা দিছে সেই সমূহ চোৱা গল। তেওঁলোকৰ তথ্যৰ ভিত্তিত বৰ্তমান চলি থকা কামবোৰ কিদৰে নিয়াৰিকৈ কৰিব পাৰোঁ আৰু যিবিলাক আচনিৰ কাম সম্পূৰ্ণ হৈ গৈছিল কিন্তু তাত যদি ঠিকাদাৰৰ ভুল আছিল তেওঁলোকক মাতি আনি কাম সমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ আৰু কয় যে প্ৰথমে নৈ, জলাশয়ৰ পৰা আচনিৰ পানী লোৱা হৈছিল। কিন্তু উক্ত পানী ব্যৱহাৰত গোন্ধ আছিল বাবে বহু আচনি চলি আছিল যদিও নচলাৰ দৰেই। গতিকে সেইধৰণৰ অসুবিধা খিনিৰ বাবে প্ৰয়োজনীয় আৰ্চেনিক পৰীক্ষাৰ ভিত্তিত দ্বীপ টিউবেলৰ ব্যৱস্থা কৰা হব আৰু ইয়াৰ বাবে বিভাগে পূজি ব্যয় কৰিব বুলি উল্লেখ কৰে। বিভিন্ন বিভাগৰ অভিযন্তা সকলে যোৱা তিনিটা দিনৰ আচনি পৰিদৰ্শনৰ অন্তত আজি এটা ৰিপৰ্ট দিছে আৰু জে জে এমৰ এম ডিৰ লগতো ইয়াৰ বিষয়ে তেওঁলোকে পুংখানুপুংখ ভাৱে আলোচনা কৰি পৰৱৰ্তী সময়ত প্ৰয়োজনীয় কাৰ্যকৰী ব্যৱস্থা লৈ মাজুলীৰ ৰাইজক বিশুদ্ধ খোৱাপানীৰ অসুবিধা খিনি সমাধান কৰাৰ চেষ্টা কৰা হব বুলি উল্লেখ কৰে। ইফালে একাংশ আচনিত ঠিকাদাৰে অনিয়ম সংঘটিত কৰা সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে -যিবোৰ কামত ঠিকাদাৰৰ ভুল আছে সেই সমূহ ঠিকাদাৰক জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু বহু ঠিকাদাৰৰ কাম বৰ্তমান চলিও আছে গতিকে তেওঁলোকে যিসমূহ কামত কিবা গাফিলতি কৰিছে সেই সমূহ তেওঁলোকৰ দ্বাৰাই সময়ত ঠিক কৰোৱাৰ ব্যৱস্থা কৰা হব বুলি তেওঁ উল্লেখ কৰে। গ্ৰেটাৰ গড়মূৰকে ধৰি একাংশ পুৰণি আচনিতে ৰং সানি নতুন ৰূপ দিয়া বুলি উত্থাপিত এক অভিযোগ সন্দৰ্ভত তেওঁ কয় যে পূৰ্বে ইয়াত এন ডব্লিউ কিউ এছ এমৰ আচনি আছিল কিন্তু উক্ত আচনিৰ লগত বৰ্তমান জেজে এমৰ ৰেট্ৰফিটিং (Retrofitting) কৰা হৈছিল। গতিকে পুৰণি আচনিটো এটা পৰ্যায়লৈ কাৰ্যক্ষম কৰি লোৱা হয় বাকী জেজেমৰ কাৰণে নতুন ৰেট্ৰফিটিং কৰা হয়। গতিকে ইয়াত প্ৰাককলন মতে যি আছে ঠিকাদাৰ সকলে কাম কৰিবলৈ বাধ্য। যদি ইয়াত ঠিকাদাৰৰ কৰবাত হেমাহি আছে সেইখিনিও নিশ্চয়কৈ ধৰা পৰিব বুলি তেওঁ উল্লেখ কৰে। আজিও সেইবিলাক লৈয়েই এম ডি জেজেএম, অতিৰিক্ত মুখ্য সচিব জনস্বাস্থ্য কাৰিকৰী বিভাগ বহি গোটেইখিনি ঠিক কৰিব কিন্তু ঠিকাদাৰৰ ফালৰ পৰা কিছু কিছু আচনিত যে হেমাহি আছে সেইয়া ধৰা পৰিছে।

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে জলজীৱন মিছনৰ কাম আগন্তুক ২০২৪ চনলৈকে চলি থাকিব। মাজুলীত আগতীয়াকৈ কাম সমূহ আৰম্ভ হৈছিল আৰু এতিয়ালৈকে হবই লাগিছিল। কিন্তু বিভিন্ন অভিযোগ, অসুবিধাৰ বাবে কাম সমূহ হোৱা নাছিল। কিন্তু আজিৰ পিছত কাম সমূহে এক গতি পাব। মাজুলীৰ আচনিৰ বেছি ভাগেই স্থানীয় ঠিকাদাৰ গতিকে স্থানীয় ঠিকাদাৰ সকলে নিজৰ ঠাইৰ কামখিনি ভালদৰে কৰিব লাগে আৰু খেলিমেলি কৰা কাম সমূহ শীৰ্ঘেই সম্পূৰ্ণ কৰি দিব লাগে বুলি উল্লেখ কৰে। অন্যথা বিভাগীয় ভাৱে অতি কঠোৰ স্থিতি গ্ৰহণ কৰা হব বুলি উল্লেখ কৰাৰ লগতে বিভাগৰ যি সমূহ বিভাগৰ কাৰিকৰী ভুলৰ বাবে কৰবাত ভুল হৈছিল আজিৰ পৰা তিনি বছৰৰ আগৰ বিষয়াও সাৰি নাযায় বুলি তেওঁ উল্লেখ কৰে। আসোঁৱাহ চোৱাটোৱেই আমাৰ কাম নহয় মাজুলীৰ ৰাইজে বিশুদ্ধ খোৱাপানী পাবই লাগিব বুলি তেওঁ উল্লেখ কৰে। ইফালে ৰাজ্যৰ জল মিত্ৰ সকলৰ পাৰিতোষিক সন্দৰ্ভত তেওঁ কয় পূৰ্বে জলমিত্ৰ ই পাৰিতোষিক অবিহনে কাম কৰি আছিল। মই মন্ত্ৰী হোৱাৰ পিছতহে তেওলোকক ৬৫০০ টকা পাৰিতোষিক দিয়া হৈছে। মাজুলীত দুটা আচনি মিলাই দুজন জল মিত্ৰৰ নিয়োগ কৰিব পাৰি নেকি তাক চিন্তা কৰি থকা হৈছে বুলি উল্লেখ কৰাৰ লগতে পাৰিতোষিক সন্দৰ্ভতো ভৱিষ্যতৰ দিনত বিবেচনাৰ আশ্বাস দিয়ে। বিভিন্ন কাৰ্যসূচীৰ লগতে জেংৰাইমুখত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে । আজি নিশা মাজুলীতে কটাই কালিলৈ পূৱা অফলামুখ ঘাটেৰে যোৰহাটলৈ যাব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।

