এক ইঞ্চি খিলঞ্জীয়াৰ ভূমি বহিৰাগতক বিক্ৰী নকৰিবলৈ আহ্বান
বাংলাদেশী মুলৰ মিঞা মুছলমানৰ বিৰুদ্ধে সোচ্চাৰঃ বিধায়ক ভুৱন পেগু
অসমত বাংলাদশী মুলৰ মিঞা মুছলমানৰ আগ্ৰাসনে সংকটত আনিব অসমীয়া ৰাইজক। অসমত মিঞা বাংলাদেশী মুচলমানে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিকভাৱে চলোৱা আগ্ৰাসনে বিপদ মাতিছে অসমীয়া জাতিলৈ। অসমীয়া জাতিক নিঃশেষ কৰাৰ সৰষন্ত্ৰত লিপ্ত হৈছে বাংলাদেশী মুলৰ মিঞা মুছলমান সকলে । এনে বহু ভয়ংকৰ অভিযোগ উত্থাপিত কৰি মিঞা বাংলাদেশী মুচলমানৰ বিৰুদ্ধে সৰৱ হৈ উঠে জোনাই সমষ্টিৰ বিজেপি বিধায়ক তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ভুৱন পেগু।

আজি সন্ধিয়া সাংবাদিকৰ সৈতে মুখামুখিত বিধায়ক গৰাকীয়ে আৰু কয় যে – এনে আগ্ৰাসনৰ বিৰূদ্ধে অসমীয়া জাতিয়ে মাৰবান্ধি থিয় দিয়াৰ সময় আহি পৰিছে। অসমীয়া জাতিক ভালপোৱা প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া জনসাধাৰণে এক ইঞ্চি খিলঞ্জীয়াৰ ভুমি বাংলাদেশী মুলৰ মিঞা মুছলমানক বিক্ৰী কৰিব নেলাগে।

চৰকাৰী ভূমি, চৰ-চাপৰি, বন ভূমি যতেই মিঞা বাংলাদেশী মুচলমান সকলৰ আগ্ৰাসন হৈছে তাতেই অসমীয়া ৰাইজে বাধা প্ৰদান কৰা দৰকাৰ। উঠি অহা অসমীয়া নৱ প্ৰজন্মই এক নতুন কৰ্ম সংস্থাপনৰ জৰিয়তে আমাৰ মাটি,আমাৰ বজাৰ দখল কৰিব লাগিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা এই আহ্বানক সকলো খিলঞ্জীয়া অসমীয়া ৰাইজে একত্ৰিতভাবে সহাৰি জনাই আত্মনিৰ্ভৰশীল, গৌৰৱী অসমীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলোকে ওলাই আহিবলৈ আহ্বান জনাই বিধায়ক ভুৱন পেগুয়ে।
ফটো বিধায়ক ভুৱন পেগুৰ।
শম্ভু দাস চিলাপথাৰ

