জামুগুৰিহাট,২২ নবেম্বৰ: “সাম্প্রতিক কৰো’না মহামাৰীয়ে মানুহৰ আত্মবিশ্বাস ভাঙি পেলাইছে। এনে সময়ত সাংস্কৃতিক পৰিবেশ গঢ়ি তুলি মানুহক সংস্কৃতিৰ লগত জৰিত কৰিব পাৰি লেহে মানুহৰ মনলৈ পুনৰ আত্মবিশ্বাস ঘূৰি আহিব। ” এই মন্তব্য জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া তথা তেজপুৰ জ্যোতি ভাৰতীৰ বিষয়া, বিশিষ্ট সাংস্কৃতিক সংগঠক জীতেন কুমাৰ দাসৰ। আজি জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত শিশু নাট কৰ্মশালা আৰু নাট প্ৰযোজনাৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াই বিশিষ্ট নাট্যকৰ্মী গৰাকীয়ে। উল্লেখ্য যে মুখ্যমন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জামুগুৰি সাংস্কৃতিক কেন্দ্রৰ দ্বাৰা আয়োজিত শিশু নাট কৰ্মশালাৰ কালি অৰ্থাৎ ২২ নৱেম্বৰত শুভাৰম্ভ কৰে জীতেন কুমাৰ দাসে। জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ কৰ্মচাৰী তথা তত্বাৱধায়ক, নাট্যকৰ্মী ৰঞ্জন কুমাৰ দাসে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰে ক্ৰমে সমাজকৰ্মী মাধৱ ওজা, আখৰাৰ সম্পাদক তথা দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিপুল বৰা আৰু অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই। অহা ৬ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া উক্ত কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে ৰঞ্জন কুমাৰ দাসে অংশ লোৱাৰ লগতে অতিথি প্ৰশিক্ষক হিচাপে অসমৰ বিশিষ্ট নাট্য শিল্পী, নাট পৰিচালক কুশল ডেকা, অসীম শৰ্মা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট নাট্য শিল্পীয়ে অংশ গ্ৰহণ কৰিব। প্ৰতিদিনে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া উক্ত কৰ্মশালাখনত মুখ্যত পঞ্চম শ্রেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰিব পাৰিব। স্মৰণযোগ্য যে ১৯৯০ চনতে স্থাপন হোৱা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ আজি এটি স্থায়ী কাৰ্যালয় নথকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে আঁচনি অনুসৰি আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি হৈছে। এনে পৰিপ্ৰেক্ষিতত জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ নিজাববীয়া এটি প্ৰেক্ষাগৃহ সহ স্থায়ী কাৰ্যালয় স্থাপনৰ বাবে আহ্বান জনায় বিষয়া জীতেন কুমাৰ দাসে। কৰ্মশালাখনত অংশ গ্ৰহণ কৰিব বিচৰা ছাত্র-ছাত্ৰীসকলক বিয়লি ২ বজাত বাপুজী ভৱনত উপস্থিত হ’বলৈ আহ্বান জনাইছে মুখ্য প্ৰশিক্ষক ৰঞ্জন কুমাৰ দাসে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…