‘কা’ বিৰুদ্ধে পূৰ্বৰ স্থিতি বাহাল থাকিব ! জোনাইত আছুৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক- কাৰ্যনিৰ্বাহক সদস্যক উষ্ম আদৰণি বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা… 

জোনাই  মহকুমা ছাত্ৰ  সন্থাৰ উদ্যেগত  আৰু জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সহকাৰী সধাৰণ সম্পাদক দীপক শৰ্মা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছঙক অভিনন্দন আৰু শুভাশীষ প্ৰদান অনুষ্ঠান জোনাই বালিকা মহাবিদ্যালয়ৰ সভা গৃহত  অনুষ্ঠিত কৰা হয় ৷  আছুৰ জোনাই মহকুমাৰ সভাপতিৰ লক্ষ্য শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আছুৰ ধেমাজি জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰীয়ে৷    সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাসে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জোনাই মহকুমা ছাত্ৰ সন্থা, জোনাই,  বাহিৰ জোনাই, ডেকাপাম, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতি, জোনাই গৰিয়া মৰিয়া সংগঠনে ফুলাম গামোচা, শৰাই  আৰু অভিনন্দন পত্ৰৰে উষ্ম অভিনন্দন আৰু শুভাশীষ প্ৰদান কৰে৷

সভাত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক দলে, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড৹ সুখলতা ফুকন গগৈ,ইউ এন বি বড়ো হাই স্কুলৰ প্ৰধান  শিক্ষক ভূমিধৰ বড়ো জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ  পেগু , অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, জেষ্ঠ সাংবাদিক তথা জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগু আৰু সদৌ অসম ছাত্ৰ সন্থাৰ  ধেমাজি জিলা সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত বৰগোঁহাইয়ে শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ গগৈ, ৰবী কছাৰী ,জোনাই মহকুমা ছাত্ৰ সন্থা, জোনাই,  বাহিৰ জোনাই, ডেকাপাম,

চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ  শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে৷ আছুৰ নৱনিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক দিপক শৰ্মাই সাংবাদিকৰ আগত কয় সদৌ অসম ছাত্র সন্থাই পূৰ্বেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও স্থিতি বাহাল থাকিব বুলি উল্লেখ কৰি আছুৰ মজিয়াত থকা অৱস্থাত যেনেদৰে অসম আৰু অসমীয়া ৰাইজৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে দায়িত্ব পালন কৰে আছুৰ মজিয়া ত্যাগ কৰাৰ পাছতো প্ৰাক্তন আছুকৰ্মীয়ে সেই দায়িত্ব বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে নিষ্ঠাৰে পালন কৰি গৈছে বুলি বক্তব্য আগবঢ়ায়।

শম্ভু দাস চিলাপথাৰ

Related Articles