নগাঁও,২৫ নবেম্বৰ : নগাঁও চহৰৰ সমীপৰ ভোটাইগাঁৱত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। বন্ধুৰ সৈতে বিজ্ঞানৰ প্ৰজেক্ট ৱৰ্ক কৰিবলৈ যোৱা দুই ছাত্ৰৰ সলিল সমাধি ঘটে।ছাত্র দুজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ভোটাইগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে । ভোটাইগাঁও হাইস্কুলৰ পিছফালে থকা কলং নৈত গা ধূবলৈ গৈ মৃত্যু ঘটা ছাত্র দুগৰাকী উৰিয়াগাঁৱৰ বিকাশ কলিতা(১৩) আৰু ত্ৰিদ্বীপ বৰা(১৩) । জানিব পৰা মতে বিদ্যালয়ৰ আন দুই বন্ধুৰ সৈতে বিজ্ঞান বিষয়ৰ প্ৰজেক্ট ৱৰ্ক কৰিবলৈ গৈছিল ত্ৰিদ্বীপ আৰু বিকাশ। ইয়াৰ পিছতে ভোটাইগাঁও হাইস্কুলৰ পিছফালে থকা কলং নৈত গা ধূবলৈ যোৱা ত্ৰিদ্বীপ আৰু বিকাশক কলং নৈৰ সোঁতে উটুৱাই নিয়ে। অৱশ্যে ত্ৰিদ্বীপ আৰু বিকাশৰ সৈতে নৈত গা ধূবলৈ যোৱা আনজন ছাত্ৰক স্থানীয় লোকে উদ্ধাৰ কৰে যদিও দূৰ্ভাগ্যজনক ভাৱে স্থানীয় ৰাইজে চেষ্টা কৰিও ত্ৰিদ্বীপ আৰু বিকাশক বচাব নোৱাৰিলে। ইয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ উপস্থিত হৈ ছাত্ৰ দুজনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বৰ্তমানলৈকে সন্ধান পোৱা নাই এই দুই ছাত্ৰৰ। আনহাতে বন্ধুৰ সৈতে প্ৰজেক্ট ৱৰ্ক কৰিবলৈ যোৱা এই দুই ছাত্ৰৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে সমগ্ৰ অঞ্চলবাসীকে। শোঁকত ভাগি পৰিছে নিখোজ হৈ থকা দুই ছাত্ৰৰ পিতৃ-মাতৃৰ লগতে ওচৰ-চুবুৰীয়া। সন্ধ্যা পৰ্য্যন্ত নিখোজ ছাত্ৰদ্বয়ৰ সন্ধানত এছডিআৰএফে উদ্ধাৰ অভিযান চলাই আছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…
- মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ
- বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…
- গোলোকগঞ্জৰ হালাকুৰাত জুম্মাৰ নামাজৰ পিছতেই মাটিক লৈ দুই ফৈদৰ মাজত মাৰ পিটৰ ঘটনা…
- ৪ তাৰিখলৈ অপেক্ষা কৰক, বেছি দিন নাই; সকলো স্পষ্ট হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- নাজিৰাৰ গেলেকী মোডী নগৰ চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ…
- গৰম দিনত আমাৰ মনলৈ অহা প্ৰথম ফল নেমু! নেমু পানী খোৱাৰ আছে বহু উপকাৰিতা…
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…