Breaking

জোনাইৰ পৰা এগৰাকী 17 বছৰীয়া কিশোৰীক অপহৰণ….

0 111

জোনাই আৰক্ষী থানাত সৰভোগৰ ৰাজীৱ আলি আৰু মুনাফ আলিৰ নামত কিশোৰী জনীৰ পৰিয়ালৰ লোকৰ এজাহাৰ দাখিল৷ ধেমাজি জিলাৰ জোনাইৰ মহকুমাৰ কমলপুৰৰ পৰা যোৱা মঙ্গলবাৰে(19/04/22) অপহৰণ হৈছে এজনী কিশোৰী।জোনাইৰ কমলপুৰ গাওঁৰ নিবাসী তফাজুল আলি জী স্বপ্নম বেগম (17) বছৰীয়া কিশোৰী কন্যা অপহৰণৰ ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷


জানিব পৰা মতে,যোৱা মঙ্গলবাৰে তফাজুল আলিৰ নিজগৃহৰ পৰা নিশা প্ৰায় 1:00 বজাৰ ভিতৰত ৰাতি পৰিয়ালৰ লোকসকল শুই থকা সময়ত কিশোৰীগৰাকীক বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত মেদা নামৰ ঠাই খনৰ নিবাসী ৰাজীৱ আলি আৰু মুনাফ আলি নামৰ দুজন যুৱকে অপহৰণ কৰে বুলি পৰিয়ালৰ লোকসকলে এই সন্দৰ্ভত জোনাই আৰক্ষী থানাত যোৱা 20/04/22 তাৰিখে IPC 366 U/S 35/2022 ভাৰতীয় দণ্ডবিধিৰ অনুসৰি এখন গোচৰ ৰুজু কৰে।

উল্লেখ্য বিষয় যে আজি সাতদিন অতিক্ৰম হোৱাৰ পিছতো জোনাই আৰক্ষী প্ৰশাসন আৰু সৰভোগ আৰক্ষী প্ৰশাসনে বৰ্তমানলৈ অপহৰণ কাৰীৰ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহল বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। জোনাই আৰক্ষীয়ে অপহৃতক বিচাৰি তদন্ত অব্যাহত ৰাখিছে যদিও অৱশেষত বৰ্তমান পৰিয়ালৰ লোকসকলে ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি কিশোৰী উদ্ধাৰ কৰি দিবলৈ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনায়।

Leave A Reply