Breaking

ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি এটি ৩ বছৰীয়া কণমানিৰ ।

0 2,043

নাগালেণ্ডৰ ৩ বছৰীয়া কণমানি এজনীৰ ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। নাম তাইৰ লিপাভি। ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে এইগৰাকী কণমানি লিপাভিয়ে।কণমানি লিপাভিৰ আগদিনা নিশাৰ পৰাই পানীলগা জ্বৰ হৈছিল। কিন্তু পুৱাই পিতৃ-মাতৃ ওলাই গৈছিল কামলৈ। আন কথা চিন্তা নকৰি লিপাভি নিজেই গৈ ওলাল ওচৰৰ হাস্পতালত।লিপাভিৰ এই কাণ্ড দেখি অতি আচৰিত আৰু উৎসাহিত হৈ পৰে চিকিৎসক। নাগালেণ্ডৰ ঝুনেবট’ জিলাৰ গাটাছি মহকুমাৰ হেবোলিমি স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে সকলোকে আচৰিত কৰি তোলা এই কাণ্ড।নিজৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ হাজিৰ হোৱা লিপাভিয়ে পিন্ধি গৈছিল মাস্ক। যিসময়ত বহু শিক্ষিত আৰু বয়সত ডাঙৰ লোকে দিন-ৰাতি কোৰোণাৰ বিধি উলংঘা কৰি আহিছএ তেনে সময়তে লিপাভিৰ এই সচেতনতাই সকলোকে অবাক কৰি তুলিছে।

Leave A Reply