Breaking

হাটশিঙিমাৰীত উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ আহ্বানত “সৰ্বাত্মক কৰ্মবিৰতি” প্ৰতিবাদী কাৰ্য্যসূচী …

0 58

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত দুপুৰীয়া 12. 00 বজাত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ আহ্বানত পুৰণি পেঞ্চন ব্যৱস্হা পুনৰ প্ৰৱৰ্তনৰ দাবীত সকলো কৰ্মচাৰীয়ে “সৰ্বাত্মক কৰ্মবিৰতি”প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰে।


উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত বিভিন্ন শ্লগানেৰে হাতে হাতে প্লে-কাৰ্ড লৈ সকলো কৰ্মচাৰীয়ে অংশগ্ৰহন কৰে লগতে কৰ্মচাৰী সমাজৰ পৰা জানিব দিয়ে যে চৰকাৰৰ ফালৰ পৰা যদি কোনো সহাৰি নিদিয়ে তেন্তে অহা চেপ্তেম্বৰ মাহত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ ফালৰ পৰা সকলো কৰ্মচাৰী সমা্জে দিছপুৰত গৈ গনতান্ত্ৰিক আন্দোলন কৰিব বুলি জানিব দিয়ে I

Leave A Reply