এটা বিৰল ঘটনা। বুধবাৰে বাংগালোৰৰ পৰা জয়পুৰলৈ গৈ থকা এখন ইণ্ডিগো বিমানত এটি কন্যা শিশুৰ জন্ম হৈছিল।বিমান সংস্থাটোৱে এক উল্লেখ কৰা মতে “কেঁচুৱাটো ইণ্ডিগো কৰ্মচাৰীৰ সহায়ত প্ৰসৱ কৰা হৈছিল, ড০ সুবাহানা নাজিৰে কাৰ্যকৰীভাৱে সহায় কৰিছিল, ড০ সুবাহানা সেই একেখন বিমানতে যাত্ৰা কৰিছিল।জয়পুৰ বিমান বন্দৰত লগে লগে এজন চিকিৎসক আহি পোৱাৰ পিছত এম্বুলেন্সৰ ব্যৱস্থা কৰি কেঁচুৱা আৰু মা দুয়োটা হাস্পতাললৈ স্থানান্তৰ কৰা হয়।