Breaking

প্ৰাক্তন অধিনায়ক ধোনীৰ বাবে আহিছে এটা বেয়া খবৰ….

0 65

চলিত ছিজনৰ আইপিএলত বিধ্বস্ত চেন্নাই ছুপাৰ কিংছ তথা পূৰ্বৰ চেম্পিয়ন দল । তিনিখন মেচৰ ভিতৰত এখনো মেচত জয়লাভ কৰিবলৈ সক্ষম নোহোৱা চেন্নাইৰ প্ৰাক্তন অধিনায়ক ধোনীৰ বাবেও আহিছে এটা বেয়া খবৰ । টাটা আইপিএলত ধোনীৰ অভিনীত বিজ্ঞাপন হ’ব বন্ধ । উক্ত বিজ্ঞাপনত ধোনীক বেট এৰি এজন বাছ চালকৰ ৰূপত দেখা গৈছে । এই বিজ্ঞাপনটোক লৈ উঠিছে এতিয়া বিশেষ চৰ্চা । উঠিছে বহু গুৰুতৰ অভিযোগ । এডভেটাইজিং ষ্টেণ্ডাৰ্ড কাউঞ্চিল অব ইণ্ডিয়াৰ মতে আইপিএলৰ এই বিজ্ঞাপনে উলংঘন কৰিছে ট্ৰেফিক আইন । বিজ্ঞাপনত দেখুওৱা মতে চলি থকা বাছখন হঠাৎ পথৰ মাজত ৰখাই দিয়া দৃশ্যই বাকী যান- বাহনৰ ক্ষেত্ৰত সৃষ্টি কৰিছে যথেষ্ট অসুবিধা । তদুপৰি বিজ্ঞাপনত ধোনীয়ে কোৱা এটা সংলাপে ট্ৰেফিক আইনক ভেঙুচালি কৰাৰো ইংগিত বহন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সন্থাই । ধোনীৰ মতে “য়্যে পাগলপন অৱ নৰ্মেল হ্যে ” । অৰ্থাৎ আইপিএলৰ সময়ত এনে ধৰণৰ পাগলামি হোৱাটো তেনেই স্বাভাৱিক ।
এই অভিযোগৰ লগতে ২০ এপ্ৰিলৰ ভিতৰত বিজ্ঞাপন বন্ধ কৰিবলৈ নতুবা ইয়াৰ কিছু দৃশ্য সালসলনি কৰাৰ দাবী প্ৰকাশ কৰিছে ।

Leave A Reply