Breaking

ৰঙিয়াত দাম্পাৰে মহতিয়ালে চাইকেল আৰোহীক ! গুৰুতৰ ভাবে আহত এজন…

0 48

ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ।ৰঙিয়াৰ আই অ চিৰ পেট্ৰল পাম্পৰ সমীপত সংঘটিত হ’ল দুৰ্ঘটনা । নলবাৰীৰ পৰা বাইহাটা অভিমুখে গৈ থকা ডাম্পাৰে খনে মহতিয়ালে চাইকেল আৰোহীক ।

No casualties were reported. The injured are under treatment at a private hospital in Mundakayam. Representational image.

গুৰুতৰ ভাবে আহত চাইকেল আৰোহীজন হৈছে কেকেনীকুছিৰ যোগেশ্বৰ নাথ । ইফালে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰৰ চালক হেণ্ডিমেনৰ । ডাম্পাৰখনৰ নম্বৰ AS 25 EC 8255 । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত ব‍্যক্তি গৰাকীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ স্থানীয় ব‍্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই ।

ইফালে ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজে ঘটনাটোৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভ উজাৰে । বিগত প্ৰায় ছয় মাহৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম চলি থকা বাবে পথচোৱাৰে যাত্ৰী সকলৰ যাতায়ত বিপদসংকুল হৈ পৰিছে । প্ৰাধিকৰণে নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত যাতায়তৰ বাবে অন্য এটা বিকল্প পথৰ ব‍্যৱস্থা কৰিব লাগিছিল । কিন্তু বিকল্প উপপথৰ ব‍্যৱস্থা নথকাৰ বাবেই এনে ধৰণৰ সৰু বৰ দুৰ্ঘটনা প্ৰায়েই সংঘটিত হৈ থাকে ।

Leave A Reply