Breaking

পশ্চিম কাৰ্বি আংলং জিলাৰ শিশু নগাঁৱৰ পৰা নিৰুদ্দেশ

0 192

হামৰেণ

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত আমট্ৰেঙৰ ছিং ক্ৰ পুলক গাঁৱৰ নিবাসী লংছিং টেৰণৰ পুত্ৰ ৰূপন টেৰণ যোৱা ২৫ মাৰ্চ তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে৷ সপ্তম শ্ৰেণীত ছাত্ৰ ৰূপন বয়স ১২-১৩ বছৰ হ’ব বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷ জানিব পৰা মতে নগাঁৱৰ হয়বৰ গাঁৱৰ জি ডি নাৰ্চিং হোমৰ ওচৰৰ আৰক্ষী বিষয়া এজনৰ ঘৰত শিশুটি বিগত পাঁচ বছৰ ধৰি আছিল৷ শিশুটি প্ৰথম লকডাউন ঘোষণা কৰা দিনাৰে পৰাই নিশাৰ ভাগতেই আৰক্ষী বিষয়াজনৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ৰূপনৰ পৰিয়ালে ৪ মে’ৰ দিনাহে ঘটনাৰ বিষয়ে আমটেৰেং উপ আৰক্ষী চকীৰ জৰিয়তে জ্ঞাত হয়। বিগত ৪২ দিন ধৰি নিৰুদ্দেশ হৈ থকা ৰূপনৰ বাবে পৰিয়ালটো বৰ্তমানে যথেষ্ট উদ্বিগ্ন হৈ পৰিছে। কোনো ব্যক্তিয়ে শিশুটিৰ সন্ধান পালে ৯৮৬৪৯৩০৮৬৯, ৯৪০১১৭২২৫৮ নম্বৰত যোগাযোগ কৰি পৰিয়ালক জনাবলৈ অনুৰোধ জনাইছে৷

Leave A Reply