Breaking

স্বৰ্ণ পদকত ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ আবেভৰা চুম্বন ! এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটত টীম ইণ্ডিয়াৰ স্বৰ্ণজয়…

0 58

স্বৰ্ণ পদকত ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ আবেভৰা চুম্বন

এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটত টীম ইণ্ডিয়াৰ স্বৰ্ণজয় । বৰষুণৰ বাবে বাতিল ফাইনেলৰ মেচ । উন্নত ৰেংকিঙৰ সুবাদত ঋতুৰাজ বাহিনীৰ সাফল্য ।

এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটৰ ফাইনেলত বৰষুণে দিলে বিধি পথালি । ভাৰতীয় ক্ৰিকেট দলে বলিং কৰাৰ সুবিধা পালেও ক্ৰিজত দেখুৱাব নোৱাৰিলে বেটিং বিক্ৰম । শনিবাৰে চীনৰ হাংঝৌত আফগানিস্তানৰ বিৰুদ্ধে ফাইনেলৰ মহাৰণত নামিল ঋতুৰাজ গায়কোৱাড়ৰ নেতৃত্বৰ ভাৰতীয় দল । প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজলৈ আহিল গুলবাদিন নাইবৰ অধিনায়কত্বৰ আফগান ক্ৰিকেট দল ।

বৰষুণৰ বাবে নিৰ্ধাৰিত ২০ অভাৰৰ পৰিৱৰ্তে ১৮. ২ অভাৰলৈ হ্ৰাস কৰা মেচখনত ৪৯ ৰাণেৰে অপৰাজিত হৈ থাকিল আফগানিস্তানৰ বেটাৰ ছাহিদুল্লাহ ‌ । ইফালে ২৭ ৰাণেৰে অপৰাজিত হৈ থাকিল আফগানিস্তানৰ অধিনায়ক গুলবাদিন নেইব । মাত্র এক ৰাণৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত হ’ল আফগান বেটাৰ ছাহিদুল্লাহ । তেতিয়ালৈ আফগানিস্তানৰ সংগ্ৰহ আছিল ৫ টা উইকেটৰ বিনিময়ত ১১২ ৰাণ ।

ভাৰতৰ হৈ ১ টাকৈ উইকেট দখল কৰে অৰ্শদীপ সিং, শিৱম ডুবে, শ্বাহবাজ আহমেদ আৰু ৰবি বিষ্ণয়ে ।

বৰষুণৰ বাবে বেটিং কৰিবলৈ সুবিধা নাপালে মেন ইন ব্লুৱে । পৰৱৰ্তী ইনিংছ আৰম্ভ কৰাৰ সময়সীমা অতিক্ৰম কৰাত ৰেংকিঙৰ ওপৰত ভিত্তি কৰি মেচখনৰ ফলাফল নিৰ্ণয় কৰিব লগা হয় । ৰেংকিঙত আফগানিস্তানতকৈ ভাৰতীয় ক্ৰিকেট দলৰ স্থান আগত থকাৰ বাবে স্বৰ্ণ পদক লাভ কৰিলে টীম ইণ্ডিয়াই । ইয়াৰ বিপৰীতে ৰূপৰ পদকতে ক্ষান্ত থাকিল আফগানিস্তান । অথলে গ’ল আফগানিস্তান ক্ৰিকেট দলৰ বেটিং প্ৰদৰ্শন ।

ইফালে, এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটত স্বৰ্ণ জয় কৰি আনন্দিত হৈ পৰিল ঋতুৰাজ গায়কোৱাড়ৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দলটো । চীনৰ হাংঝৌত ত্রিৰংগা উৰুৱাই কৰিলে ভাৰতৰ বিজয় উদযাপন ।

সকলোৱে আশা কৰিছে — ভাৰতীয় যুৱ ক্ৰিকেটাৰ সকলৰ এই উজ্জীৱিত বেট- বলৰ প্ৰদৰ্শন অক্ষুণ্ন থাকক ।

Leave A Reply