Breaking

উত্তৰাখণ্ডত খাৱৈত বাগৰিল বিবাহ যাত্ৰী কঢ়িওৱা গাড়ী ! ৪ জন নিহত…

0 18

উত্তৰাখণ্ডত খাৱৈত বাগৰিল বিবাহযাত্ৰী কঢ়িওৱা গাড়ী , ৪ জন নিহত

উত্তৰাখণ্ডত বিয়াৰ পৰা আঠজন লোকে এখন গাড়ীৰে ঘৰলৈ বুলি ৰাওনা হৈছিল। কিন্তু তেওঁলোকৰ মাজৰে চাৰিগৰাকীয়ে ঘৰ গৈ নাপালে।উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত এক দুৰ্ঘটনাত চাৰিজন লোক নিহত হয় । বিবাহযাত্ৰীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত পৰাৰৰ ফলতে চাৰিগৰাকী লোক নিহত হয়। ঘটনাটোত আন চাৰিজন লোক আহত হৈছে। তেওঁলোকক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে।


সোমবাৰে উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখনত আঠজন লোকে এখন বিয়াৰ পৰা উভতি আহি আছিল। গাড়ীখনে এণ্ডোলি অঞ্চলৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু প্ৰায় ২০০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰে। ঘটনাস্থলীতে চাৰিজন লোকৰ মৃত্যু হয়।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকসকলেও তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে । আহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এএছআই সুন্দৰ সিং ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ তদাৰকী কৰিছে। দুৰ্যোগ সঁহাৰি বাহিনীৰ বিষয়াসকলে সংবাদ মাধ্যমককয় যে আহতসকলক স্থানীয় লোকৰ সহায়ত খাদৰ পৰা উদ্ধাৰ কৰা হৈছে। মৃতদেহবোৰো উদ্ধাৰ কৰা হৈছে।

Leave A Reply