Breaking

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীলৈ নগদ দুই লাখ টকাৰ পুৰস্কাৰ…

0 34

ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আগবঢ়ালে এই পুৰস্কাৰ। বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰক উৎখাত কৰাৰ বাবেই আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীলৈ নগদ দুই লাখ টকাৰ পুৰস্কাৰ‌ প্ৰদান ।

বিলাসী গাড়ী সহ বিভিন্ন প্ৰজাতিৰ জন্তু ,কাছ সহ কেবাটাও পক্ষী উদ্ধাৰ । উদ্ধাৰ বান্দৰ, কেংগাৰু, চিমপাঞ্জী, লাজুকী বান্দৰ, কাছ ।

১৯ টা বান্দৰ, ২ টা কেংগাৰু, ডাঙৰ কাছ ৩ টা, সৰু কাছ ১৫ টা আৰু দুটা বনৰীয়া পক্ষী ৷ আৰক্ষীৰ অভিযানত আটক বহি ৰাজ্যৰ দুজন ব্যক্তি সহ জব্দ টয়টা কোম্পানীৰ এখন ফৰচুনাৰ আৰু এখন ইনোভা গাড়ী ৷

আৰক্ষীয়ে জনোৱা মতে প্ৰাৰম্ভিক অনুসন্ধানত অসম মিজোৰামৰ সিমান্তৰ পৰা বহিঃ ৰাজ্যলৈ নিয়াৰ পথত ৰঙিয়া আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ বান্দৰ, চিমপাঞ্জী, কেংগাৰু, আৰু কাছ ৷

Leave A Reply