Breaking

৯০ৰ দশকৰ দূৰদৰ্শনৰ এটা ক্লাছিক বিজ্ঞাপনৰ এইবাৰ পুনৰ নিৰ্মাণ

0 49

য়েহ নহী, ৱো।
-লেকিন আপতো হমেছা য়েহী লেতী থী..
মনত পৰিছেনে কিবা? ‘৯০ৰ দশকৰ দূৰদৰ্শনৰ এটা ক্লাছিক বিজ্ঞাপনৰ এইবাৰ পুনৰ নিৰ্মাণ কৰা হৈছে। ঢকঢকীয়া বগা শাড়ী পৰিপাটিকৈ পিন্ধি গাড়ীৰ পৰা নামি গৈ দিপীকা চিখলিয়াই দোকানত নিৰ্মা ছুপাৰ ডিটাৰজিণ্ট বিচৰা জনপ্ৰিয় বিজ্ঞাপনটো সময়ৰ লগে লগে সকলোৱে পাহৰিছিলোঁ। সেইটোকে পুনৰ নিৰ্মাণ কৰা হৈছে এইবাৰ ক্ৰেডিটকাৰ্ড মেনেজমেণ্ট প্লেটফ’ৰ্ম ক্ৰেডৰ বিজ্ঞাপনৰ বাবে। এইবাৰ বিজ্ঞাপনটোত দেখা গৈছে কৰিশ্মা কাপুৰক।

নিৰ্মাৰ মূল বিজ্ঞাপনটোৰ সেই গোটেই পৰিৱেশ, বাক্য, ধাৰা একেই ৰখা হৈছে। প্ৰায় ৩০ বছৰ পুৰণি সেই বিজ্ঞাপনটো মনত পৰাত যিসকল নষ্টালজিক হৈছে তেওঁলোকৰ ভিতৰত ময়ো এজন। মুম্বাই পুলিচেও পথত ছাইবাৰ ছিকিউৰিটীৰ সজাগতা আনিবলৈ সেই পুৰণি বিজ্ঞাপনটোৱে ব্যৱহাৰ কৰা বুলি আজি পালোঁ। বৰ স্মৃতিকাতৰ মই। ইয়াৰ পাছতে গুগলত সেই সময়ৰ দূৰদৰ্শনৰ জনপ্ৰিয় তথা ক্লাছিক এডভাৰটাইজ বিচাৰি আজি ভালেখিনি সময় তাকেই উপভোগ কৰিলোঁ। সঁচাকৈ, ‘৯০ৰ সময়ছোৱা কিবা বেলেগেই আছিল। দূৰদৰ্শনৰ সোণালী সময় আছিল। সেই সময়ৰ বিজ্ঞাপনবোৰো উপভোগ কৰিবলগীয়াই আছিল।

Leave A Reply