Breaking

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষীৰ নিচা জাতীয় সামগ্ৰী কানিৰ বিৰুদ্ধে বৃহৎ অভিযান৷কানি আৰু নগদ ধনসহ গ্ৰেপ্তাৰ এহাল দম্পতি

0 570

লেখাপানী আৰক্ষী থানাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত নিংগাম গাৱঁৰ পৰা লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজু দাসৰ নেতৃত্বত যোৱা এটা দলে  আটক কৰে কানি বেপাৰ কৰা এহাল দম্পত্তিক। খিলে ভুজেল নামৰ লোকজনক আৰক্ষীয়ে নিঙগাম গাঁওৰ বৌদ্ধ মন্দিৰৰ কাষত তালাচী চলাই লোকজনৰ পৰা ৩০০ গ্ৰাম কানি সহ নগদ ১২ হাজাৰ টকা জব্দ কৰে। দম্পতি হালে স্কুতিৰে কানি সৰবৰাহ কৰিবৰ বাবে যোৱাৰ পথত আৰক্ষীৰ জালত পৰে আৰু বৰ্তমানে দম্পতি হালক লেখাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। কানি আৰু নগদ ধনৰ উপৰিও কানি ব্যৱসায়ী দম্পতি হালে ব্যৱহাৰ কৰা AS 23 Y 2551 নম্বৰৰ এখন স্কুটিও যব্দ কৰে লেখাপানী আৰক্ষীয়ে ৷ জানিব পৰা মতে দম্পতি হাল লেখাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩নং উদয়পুৰ কথা গাৱঁৰ নিবাসী খিলে ভূজেল আৰু তেওঁৰ সহধৰ্মিনী মায়াদ দেৱী ভূজেল ৷

Leave A Reply