Breaking

এক পেগ সুৰা নাখালে ভৰি কঁপে এটা কুকুৰৰ। জীৱ-জন্তু মদ্যপানৰ প্ৰতি আসক্ত হ’ব পাৰেনে…

0 48

এক পেগ সুৰা নাখালে ভৰি কঁপে এটা কুকুৰৰ। জীৱ-জন্তু মদ্যপানৰ প্ৰতি আসক্ত হ’ব পাৰেনে…? আমি প্ৰায়ে মদ্যপানৰ আসক্তিৰ বাবে ৰিহাব কৰা চেলিব্ৰিটিসকলৰ খবৰৰ সন্মুখীন হওঁ। জীৱ-জন্তুও সুৰাৰ প্ৰতি আসক্ত হ’ব পাৰে। ইংলেণ্ডৰ প্লাইমাউথ লেব্ৰেডৰ প্ৰজাতিৰ কোকো নামৰ এটা কুকুৰ সুৰাৰ প্ৰতি আসক্ত হৈ পৰিছিল। এই দুবছৰীয়া কোকোৱে মদৰ প্ৰতি আসক্ত হৈ পৰিছিল কিয়নো কোকোৰ মালিক অত্যাধিক মদ সেৱন কৰিছিল আৰু মালিকে এৰি থৈ যোৱা সুৰাৰ সেৱন কৰিছিল কোকোৱে।মালিকৰ মৃত্যুৰ পিছত কোকোৰ অৱস্থা বেয়া হৈছিল।

কিয়নো সুৰা সেৱন কৰিবলৈ নাপাই কোকোৰ ভৰি কঁপিবলৈ আৰম্ভ কৰিছিল। কোকোৰ বিষয়ে জানিব পাৰি পশু চিকিৎসকে পশ্চিম ইংলেণ্ডৰ প্লাইমাউথৰ উডছাইড এনিমেল ৱেলফেয়াৰ ট্ৰাষ্টলৈ লৈ যায়। তাতে কোকোৰ চিকিৎসা আৰম্ভ কৰে। এতিয়া লাহে লাহে কোকো সুস্থ হ’বলৈ আৰম্ভ কৰিছে। কোকোৱে লাহে লাহে সুৰাৰ আসক্তি পৰা মুক্ত হৈছে।

Leave A Reply