Breaking

ঢকুৱাখনাৰ মোহেমাৰী গাঁৱৰ কুইজাৰ বিলৰ পাৰত ন-বোৱাৰীৰ চিনাকি উৎসৱ

0 106

মাঘবিহুৰ দিনটোত ঢকুৱাখনাৰ মোহেমাৰী গাঁৱৰ কুইজাৰ বিলৰ পাৰত ন-বোৱাৰীৰ চিনাকি উৎসৱ । ন-বোৱাৰী সকলক জেষ্ঠ জনৰ পৰা আশীক লোৱা এক সুকীয়া পৰম্পৰাৰ গাঁৱখনত , লগতে অনুষ্ঠিত হ’ল ৰচিতনা খেল।মাঘ বিহুৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনা মহকুমাৰো বিভিন্ন ঠাইত মাঘবিহু উপলক্ষে সৃষ্টি হয় পৰম্পৰাগত খেল-ধেমালিৰে উখল-মাখল পৰিবেশ। ঢকুৱাখনাৰ অন্যান্য গাঁৱৰ দৰে ঢকুৱাখনা মোহেমাৰী গাৱঁটো মাঘ বিহুৰ দিনা আয়োজন কৰা হয় বিভিন্ন ভোগালীৰ খেল ধেমালিৰ লগতে মহেমাৰী গাঁৱবাসীয়ে সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি ‘কুইজাৰ বিল’ৰ পাৰত সমূহীয়া ন-বোৱাৰী আদৰণি পৰ্ব অনুষ্ঠিত কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । মাঘবিহুৰ দিনটোত এই বিলৰ পাৰত গাঁৱখনৰ জীয়ৰী-বোৱাৰী, খুৰী, আইতা সকলোটি গোটখাই গাঁৱলৈ অহা ন-বোৱাৰীসকলক আদৰণি জনোৱা হয়। পূৰ্বতে এই বিলত সমূহীয়া মৎস্য চিকাৰ কৰা লগতে পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰিছিল । বৰ্তমান সেই স্থানত মাছধৰা পৰ্ব নাই যদিও চলি আছে সেই ঐতিহাসিক পৰম্পৰা ৷ ইপিনে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মহেমাৰী গাওঁবাসীয়ে গাওঁখনৰ পৰম্পৰা সমূহ ধৰি ৰক্ষা উদ্দেশ্য “কুইজাৰ বিল’ৰ” পাৰত ঐতিযৰে পৰা চলি আহিছে এই চিনাকি উৎসৱ উদযাপন কৰে ৷ লোকবিশ্বাস অনুসৰি গাওখনলৈ নতুনকৈ বিয়া হৈ অহা ন-বোৱাৰী সকলে সমজুৱাকৈ কুইজাৰ বিলৰ পাৰত জেষ্ঠ জনৰ ওচৰত সেৱা ললে তেওঁলোকৰ মনো কামনা সিদ্ধি হোৱা লগতে বছৰটো কুশল কামনা কৰে জেষ্ঠ জনে ৷ এইবেলি ২৫ গৰাকীকৈ নৱবিবাহিতা ন-বোৱাৰীয়ে এই অনুষ্ঠানত ভাগ লয় । ইপিনে এই উৎসৱৰ লগত সংগতি ৰাখি ন-বোৱাৰী সকলৰ মাজত অনুষ্ঠিত হয় ৰচি টনা খেল।

ঢকুৱাখনাৰ পৰা পাপু বৰুৱাৰ প্ৰতিবেদন

Leave A Reply