Breaking

শ্ৰুতি হাছানলৈ এজন অনুৰাগীৰ প্ৰশ্ন, ‘আপুনি ভাৰ্জিন নে’? শ্ৰুতিয়ে দিলে উত্তৰ ”প্ৰথমে বানান শুদ্ধ কৰক”…

0 317

অভিনেতা কমল হাছানৰ জ্যেষ্ঠ কন্যা শ্ৰুতি হাছানে পিতৃৰ দৰে বহুমুখী ব্যক্তি হিচাপে চিনেমা জগতত পৰিচিত। যিহেতু বৰ্তমান তামিল ভাষাত তেওঁৰ কোনো চলচ্চিত্ৰৰ সুযোগ নাই, সেয়েহে তেওঁ তেলেগু চলচ্চিত্ৰ উদ্যোগৰ ফালে মনোযোগ দিছে। তেলেগু ভাষাত তাই আগশাৰীৰ অভিনেতাৰ সৈতে অভিনয় কৰাৰ অধিক সুযোগ পাইছে। শ্ৰুতি হাছানে দুখন পোংগাল মুক্তিৰ অভিনেত্ৰী আছিল, মেগাষ্টাৰ চিৰঞ্জীৱীৰ ৱালটাৰ বীৰীয়া আৰু বালা কৃষ্ণৰ ছবি বীৰা সিমহা ৰেড্ডী।বৰ্তমান kgf fame প্ৰশান্ত নীলৰ পৰিচালনাত নিৰ্মিত Salaar ছবি, বাহুবলী অভিনেতা প্ৰভাসৰ সৈতে দেখা যাব শ্ৰুতিক।বহু বাজেটেৰে নিৰ্মাণ কৰা ছবিখন এই বছৰতে মুক্তি পোৱাৰ কথা।

ইয়াৰ উপৰিও শ্ৰুতিয়ে ইংৰাজী ছবি দ্য আইত অভিনয় কৰিছে। বৰ্তমান মুম্বাইত বাস কৰা অসমৰ সন্তান ততা চিত্ৰশিল্পী শান্তনু হাজৰিকা প্ৰেমত মচগুল শ্ৰুতি।বৰ্তমান দুয়োজনেই মুম্বাইৰ একেটা ঘৰতে একেলগে থাকে। শেহতীয়াকৈ অভিনেত্ৰী শ্ৰুতি হাছানে ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীসকলে সোধা বহু প্ৰশ্নৰ উত্তৰ মুকলিকৈ দি আছিল। সেই সময়ত এজন নেটিজেনে সুধিলে যে তাই কুমাৰী নেকি। নেটিজেন জনে ইংৰাজীত ভাৰ্জিনৰ বানান ভুলকৈ লিখা দেখি শ্ৰুতিয়ে মানুহজনক ভাল উত্তৰ দিলে , ক’লে প্ৰথমে ভাৰ্জিনৰ বানান শুদ্ধকৈ লিখিবলৈ শিকক। আন কোনোবাই সুধিলে যে তেওঁলোকে তাইক ডেটিং কৰিব বিচাৰে আৰু এয়া সম্ভৱ নেকি? শ্ৰুতিয়ে এই কথাত নহয় বুলি উত্তৰ দিলে। শ্ৰুতি উত্তৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Leave A Reply