Breaking

পাকিস্তানী গায়ক আতিফ আছলামে ৰাজহুৱা কৰিলে কন্যাৰ মুখ! দেখাত ৰণবীৰৰ কন্যাৰ দৰে…

0 43

কন্যা হালিমাৰ মুখ প্ৰকাশ পাকিস্তানী গায়ক আতিফ আছলামে। কন্যাৰ প্ৰথম জন্মদিন উপলক্ষে আতিফে নিজৰ কন্যাক নিজৰ অনুৰাগীৰ সৈতে চিনাকি কৰাই দিছে। পাকিস্তানী গায়ক আতিফ আছলাম এগৰাকী মেধাৱী গায়ক, গীতিকাৰ আৰু অভিনেতা। কেৱল পাকিস্তানতে নহয় ভাৰততো তেওঁৰ বিপুল ফেন ফ’ল’ৱাৰ আছে। এই কাৰণতে আতিফৰ গীত আৰু ছবিৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈও অনুৰাগীসকল অতি কৌতুহলী। শেহতীয়াকৈ আতিফ আছলামে নিজৰ কন্যাৰ মুখখন ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছিল।


কন্যা হালিমাৰ একক ছবি শ্বেয়াৰ কৰিছে আতিফ আছলামে, য’ত তেওঁক অতি মৰমলগা দেখা গৈছে।আপোনালোকক কওঁ যে ২০১৩ চনত আতিফে লাহোৰত ছাৰা ভৰৱানাক বিয়া কৰাইছিল। আতিফ আৰু চাৰাৰ কন্যা হালিমাৰ আগতে দুটা পুত্ৰ – আব্দুল আহদ আৰু আৰিয়ান।

Leave A Reply