Breaking

চাপৰ ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱত নিশা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ! একেটা পৰিয়ালৰে বহু কেইজন লোক আঘাতপ্ৰাপ্ত…

0 23

চাপৰ ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱত নিশা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট । সীমা বিবাদক লৈ দুই ফৈদৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা । মাৰপিটৰ ফলত একেটা পৰিয়ালৰে বহু কেইজন লোক আঘাতপ্ৰাপ্ত হয় ।

আঘাতপ্ৰাপ্ত হোৱা লোককেইজনক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় ।

আঘাতপ্ৰাপ্ত লোকসকল ক্ৰমে আব্দুল খালেক,আচাদুল ইছলাম,চামিদুল ইছলাম আৰু সহিদুল ইছলাম ।

ইয়াৰে সহিদুল ইছলাম নামৰ যুৱকজনৰ অৱস্থা গুৰুতৰ হোৱাত বঙাইগাঁওলৈ প্ৰেৰণ কৰে

উক্ত ঘটনা সন্ধৰ্ভত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply