Breaking

বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি

0 1,566

ভাৰতীয় ক্ৰিকেটৰ ৰূপ ৰেখা সলনি কৰা গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব ছবি, কিন্তু দাদাৰ চৰিত্ৰত থাকিব কোন?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি। প্ৰায় দুবছৰ ধৰি এই চৰ্চা চলি আছিল যদিও শেহতীয়াকৈহে এই কথা নিশ্চিত হয়।

অৱশ্যে সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ছবিখন কোনে পৰিচালনা কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু কিছুমান নাম নিশ্চিতভাৱে সংবাদ মাধ্যমত চলি আছে।

উল্লেখ্য যে চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰক এবাৰ-দুবাৰ বিচিচিআইৰ কাৰ্যালয়লৈ যোৱা দেখা গৈছিল। কিন্তু এইটো তেতিয়াৰ ঘটনা আছিল যেতিয়া কৰ’ণা ভাইৰাছ নাছিল।

এতিয়া প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে নিজেই স্পষ্ট কৰি দিছে যে তেওঁৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হ’ব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ ১৮ৰ সৈতে বাৰ্তালাপ কৰি সৌৰভ গাংগুলীয়ে বায়োপিকৰ বাবে সাজু বুলি কয়।

তেওঁ লগতে ছবিখন হিন্দীত নিৰ্মাণ কৰা হ’ব কিন্তু পৰিচালকৰ নাম কোৱাটো সম্ভৱ নহয় বুলিও কয়।

এই সময়ত   আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে গাংগুলীৰ চৰিত্ৰত কোনে অভিনয় কৰিব। গাংগুলীয়ে ইংগিত দিছে যে ৰণবীৰ কাপুৰে তেওঁৰ চৰিত্ৰত অভিনয় কৰিব পাৰে। অৱশ্যে ঋত্তিক ৰোশনৰ নামটোও চৰ্চাত আছে।

Leave A Reply