Breaking

ৰঙিয়া চহৰত Andromeda নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান মুকলি কৰা হয়…

0 91

আজি ৰঙিয়া চহৰত Andromeda নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান মুকলি কৰা হয় । যিসকল লোকে বেংকত লোন বিচাৰি হাবাথুৰি খাই লোন নাপাই ,সেই সকল লোকক সহজতে লোন প্ৰদান কৰিব এই বিত্তীয় প্ৰতিষ্ঠানে ।

ভাৰতৰ প্ৰায় সকল আগশাৰীৰ বেংকৰ লগত এই প্রতিষ্ঠানে তেওঁলোকৰ জৰিয়তে গ্ৰাহকক লোন প্ৰদান কৰে । ব্যক্তিগত লোন,ব্যৱসায়িক লোন,ঘৰৰ লোন আদি সকলো ধৰণৰ লোন এই প্ৰতিষ্ঠানৰ জৰিয়তে গ্ৰাহকে যিকোনো বেংকত লব পাৰিব ।

নূন্যতম নথি তথা কম সময়তে গ্ৰাহকে সুবিধা লব পাৰিব লোনৰ । কার্যলয়ৰ ঠিকনা হল ৰঙিয়া মুৰাৰাস্থিত ভাৰতীয় ষ্টেট বেংকৰ বজাৰ শাখাৰ ওপৰত দ্বিতীয় মহলাত । স্থানীয় ৰাইজ তথা নিবনুৱা যুৱক সকলে এই প্ৰতিষ্ঠানক আদৰণি জনাইছে ।

Leave A Reply