Breaking

হাজোৰ কুলহাটীৰ দূৰ্গা মন্দিৰৰ সভাগৃহত “গুৰুপূজন” শীৰ্ষক অনুস্থান সম্পন্ন…

0 83

হাজোৰ কুলহাটীৰ দূৰ্গা মন্দিৰৰ সভাগৃহত “গুৰুপূজন” শীৰ্ষক অনুস্থান সম্পন্ন — ভিন্ন ক্ষেত্ৰৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন –“প্ৰজ্ঞা ফাউণ্ডেচন”ৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত “গুৰুপূজন” শীৰ্ষক এক অনুস্থান আজি তীৰ্থনগৰী হাজোৰ কুলহাটীৰ দূৰ্গা মন্দিৰ সভাগৃহ প্ৰাংগণত অনুস্থিত হৈ যায় । আজিৰ সভাতেই ভিন্ন ক্ষেত্ৰৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।এই অনুস্থানত অংশগ্ৰহণ কৰি বিশিষ্ট চিন্তাবিদ ,বৰেণ্য সাহিত্যিক শংকৰ দাসে কয় যে ,”গুৰু শিস্যৰ সম্পৰ্ক অভিন্ন ৰূপত তাহানিৰ কালৰে পৰা সমাজত জিলিকি আছে ।

প্ৰকৃততে যিয়ে জ্ঞান প্ৰদান কৰে সেইজনেই গুৰু । গুৰু শিষ্যৰ সম্পৰ্কত এক আধ্যাত্মিক শক্তি বিজড়িত হৈ আছে ।” এই অনুস্থানত এমট্টনৰ উপ -প্ৰবন্ধক তথা বিশিষ্ট সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থই অংশগ্ৰহণ কৰি ভাষণত কয় যে, প্ৰাচীন কালৰে পৰা গুৰু শিষ্যৰ মাজত এক সু সম্পৰ্ক নিহিত হৈ আহিছে । সভাত উপস্থিত থাকে প্ৰভাৰী ববিতা শৰ্মা, বিশিষ্ট সমাজকৰ্মী বিপুল দাস, মনোৰঞ্জন দাস, প্ৰজ্ঞা ফাউণ্ডেচনৰ সভাপতি জিতুল সোণোৱাল,বসন্ত কলিতাকে প্ৰমূখ্যে প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।

হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপ’ৰ্ট

Leave A Reply