Breaking

বুন্দাইজাৰনী গাঁৱৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰৰ অনুষ্ঠিত নাম প্ৰসংগত অজস্ৰ ভক্তৰ সমাগম

0 1,099

গুৰুজনাৰ নাম প্ৰসঙ্গত মুখৰিত হ’ল বৰছলা বিধানসভা সমষ্টিৰ বুন্দাইজাৰনী গাঁৱৰ আকাশ -বতাহ৷বিশ্বজুৰি  অস্থিৰতাৰ সৃষ্টি কৰা অপশক্তিৰ বিনাশ ঘটাই বিশ্বত ঐক্য,শান্তি,প্ৰগতি,ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰাৰ মানহেৰে পিৰাকটা গাওঁ পঞ্চায়ত এলেকাৰ বুন্দাইজাৰনী গাঁৱৰ ৰঘুনাথ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ল গুৰুজনাৰ নাম প্ৰসংগ৷নাম প্ৰসংগৰ সমান্তৰালকৈ নিশাৰ ভাগত বুন্দাইজাৰনী ৰঘুনাথ সত্ৰ প্ৰাংগনত পৰিচালনা সমিতিয়ে আয়োজন কৰিলে গুৰুজনাৰ সৃষ্টি ভাওনাৰ৷১৯৫৫ চনতে পিৰাকটা আৰু চিৰাজুলি গাওঁ পঞ্চায়ত এলেকাৰ বুন্দাইজাৰনী গাৱঁৰ বাহিন্দা প্ৰয়াত বলিৰাম দৈমাৰী,বিমল বসুমতাৰী,নুৰ্বু দৈমাৰী,টিকাৰাম বৰমহলীয়া ভোলা ৰাভা আৰু সুকুমাৰ বসুমতাৰীৰ, বিৰল ত্যাগ আৰু বৃহত্ত্বৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ নেৰানেপেৰা প্ৰচেষ্টাত স্থাপিত হোৱা শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ৷৬৭ বছৰ গৰকা শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰত বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো ৰাইজৰ সহায়সহযোগিতাৰে যোৱা ৩ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ  কৰা হয় নাম প্ৰসংগৰ ৷

৩ এপ্ৰিলৰ পৰা শুভাৰম্ভ হোৱা নাম প্ৰসংগ আৰু ভাওনাৰ ৬ এপ্ৰিল  তাৰিখে অজস্ৰ ভক্তৰ উপস্থিতিত  আনন্দ-উলাহৰ মাজত সফল সামৰণি পৰে৷ বুন্দাইজাৰনীৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ  পৰিচালনা সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি  গুৰুজনাৰ নাম প্ৰসংগ  সামৰণি অনুষ্ঠানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্য উপস্থিত হৈ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই কয় বুন্দাইজাৰনীস্থিত ৰঘুনাথ সত্ৰ পৰিচালনা সমিতিৰ মহৎ চিন্তাধাৰা সচাকৈয়ে প্ৰশংসনীয়৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই লগতে কয় যি সময়ত দেশজুৰি হিংসা,অত্যাচাৰ,হত্যাৰ  দৰে অপৰাধজনিত ঘটনা প্ৰতিদিনে বৃদ্ধি পাইছে জনতাৰ মনত আক্ৰোশ,অশান্তি,প্ৰতিশোধৰ দৰে মানহীকতা ভৰি পৰিছে তেনে সময়ত  পিৰাকটাৰ বুন্দাইজাৰনী গাৱঁৰ  শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰত অনুষ্ঠিত হোৱা গুৰুজনাৰ নাম প্ৰসংগই  সকলোৰে মনলৈ শান্তিৰ বাৰ্তা কঢ়িয়াই আনক৷লগতে অপশক্তিৰ বিনাশ ঘটাই সকলোকে সঠিক পথত গতি কৰিবলৈ গুৰুজনাই সকলোকে সুমতি প্ৰদান কৰক৷ৰঘুনাথ সত্ৰত নাম প্ৰসংগ আৰু ভাওনাৰ  সামৰণি অনুষ্ঠানত বুন্দাইজাৰনী গাৱঁৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি তীৰ্থ দৈমাৰী সম্পাদক গগণ চন্দ্ৰ বিষ্মিৎ,সহকাৰী সম্পাদক সুভন মুছাহাৰী,উপদেষ্টা বিপিন দৈমাৰী,ডিম্বেশ্বৰ বসুমতাৰী,পোনাৰাম বসুমতাৰী সদস্য ক্ৰমে সুমিত দৈমাৰী,দৈমালু বসুমতাৰী,উপেন্দ্ৰ বসুমতাৰী,ৰাজেন দৈমাৰী,চন্দন বসুমতাৰী,সুৰেশ বড়ো,চন্দন বৰমহলীয়া,সুবিন বসুমতাৰী, চানচুমা বৰমহলীয়াৰ লগতে  পৰিচালনা সমিতিৰ প্ৰতিগৰাকী সদস্যই উক্ত ধৰ্মীয় অনুষ্ঠানটিত স্বতঃস্ফূৰ্তভাৱে সহায় সহযোগ কৰা আৰু নিশাৰ ভাওনা উপভোগ কৰাৰ কাৰণে সকলো ধৰ্মপ্ৰাণ ৰাইজকে আন্তৰিক অভিনন্দন জনায়৷

Leave A Reply