Breaking

গুৱাহাটী আই আই টিত বিহাৰৰ এদল ছাত্ৰ ছাত্ৰী

0 1,277

জ্ঞান আৰু প্ৰজ্ঞাৰ স্থলী গুৱাহাটী আই আই টিত বিহাৰৰ এদল ছাত্ৰ ছাত্ৰী। চাৰি দিনীয়া বিনামূলীয়া শৈক্ষিক ভ্ৰমণসূচীৰে আই আই টি গুৱাহাটী পৰিদৰ্শন বিহাৰৰ ৩০ গৰাকী অভাৱগ্ৰস্থ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ।বিহাৰত অনুষ্ঠিত হৈছিল NLCEE (ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাধাৰণ প্ৰৱেশ পৰীক্ষা)এই প্ৰতিভাসন্ধানী পৰীক্ষা। নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে ১.৩ লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল এই কেইগৰাকী ছাত্ৰ-ছাত্ৰী। ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৪ দিনৰ বিনামূলীয়া শিক্ষামূলক ভ্ৰমণৰ বাবে আই আই টি গুৱাহাটী পৰিদৰ্শনৰ সুযোগ লাভ কৰে। ছাত্ৰ-ছাত্ৰীৰ দলটিৰ আই আই টি-গুৱাহাটী ভ্ৰমণে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ প্ৰেৰণা দিব।

আই আই টি পৰিদৰ্শন কৰাৰ লগতে আই আই টিত অনুষ্ঠিত টেকনিছত উদ্ভাৱনী মূলক সৃষ্টিৰাজি পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ছাত্ৰ ছাত্ৰীৰ দলটো।

Leave A Reply