Breaking

এটা পাহাৰীয়া নিজৰাই দৃষ্টি আকৰ্ষণ কৰিছে জনসাধাৰণৰ

0 1,731

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শূন্য দূৰত্বৰ পৰা এক কিলোমিটাৰ আগুৱাই আহি লেখাপানী গাঁৱৰ মাজেৰে প্রায় ৫ কিলোমিটাৰ এক দুৰ্গম পথ অতিক্ৰম কৰিলেই দেখা পোৱা যায় এটা পাহাৰীয়া নিজৰা। লেখাপানী বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰাকৃতিক পৰিবেশেৰে পৰিবেষ্টিত এক লুঙ লুঙীয়া পথেৰে আগবাঢ়ি গলেই উপস্থিত হব পাৰি সেই স্থানত। পাটকাই পাহাৰৰ ভূগৰ্ভৰ পৰা বৈ অহা প্ৰকৃতিৰ অপৰূপ সৃষ্টি এই নিজৰাটোৱে এক অনন্য মাত্ৰা প্ৰদান কৰিছে বনাঞ্চল খনক। অতীতৰে পৰা নিৰন্তৰ গতিৰে বৈ থকা নিজৰাটোৰ জলধাৰাই এক প্ৰকাণ্ড শিলৰ ওপৰেৰে বৈ আহি সৃষ্টি কৰিছে জলপ্ৰপাত সদৃশ এক অপৰূপ নান্দনিক পৰিবেশ।অতীতৰে পৰা বৈ থকা এই নিজৰাটো লেখাপানী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এক জয়াল পৰিবেশৰ মাজত অৱস্থিত বাবেই আৰম্ভণিতে কোনোধৰণৰ প্ৰসাৰতা লাভ কৰা নাছিল।বনাঞ্চল খনৰ নিচেই কাষতে লাগি থকা গাঁৱৰ দুই এজন লোক বাঁহ, বেত,খৰি ইত্যাদি বিচাৰি যোৱাৰ বাদে অন্য লোকে সেই স্থানত যোৱাৰ হয়তো প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল ইয়াৰ একমাত্ৰ কাৰণ হয়তো সেই সময়ত সামাজিক মাধ্যমৰ ব্যৱহাৰ নোহোৱাৰ বাবেই নিজৰাটোৱে জনসাধাৰণৰ মাজত প্ৰসাৰতা লাভ কৰা নাছিল।বিগত সময়চোৱাত সমগ্র বিশ্বৰ লগতে অসমটো মহামাৰি কৰোনাই এক প্ৰকাৰ জনজীৱন স্তব্ধ কৰি তুলিছে।

এই সময়ছোৱাতে অঞ্চলটোৰ কিছু সংখ্যক যুৱকে অৱসাদ বিনোদনৰ বাবে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ উদ্দেশ্যে এই ভিতৰুৱা অঞ্চলটোত প্ৰৱেশ কৰে আৰু এই পাহাৰীয়া জুৰিটো নতুনকৈ আৱিষ্কাৰ কৰি সামাজিক মাধ্যমৰ যোগেদি জনসাধাৰণক দেখুৱাবলৈ সক্ষম হয়। সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰে পৰা জনসাধাৰণৰ মাজত জুৰিটোৱে বিশেষ ভাৱে দৃষ্টি আকৰ্ষণ কৰিছে। জুৰিটোৰ নান্দনিক মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ নিতৌ আগমন ঘটে বহু সংখ্যক লোকৰ। ইয়ালৈ আগমন ঘটা লোকসকলে বহু বাধা-বিঘিনি, দোষ-কষ্ট,ৰদ-বৰষুণকো নেওচি জুৰিটোৰ সৌন্দৰ্য উপভোগ কৰাৰ যি উৎসাহ দেখুৱাইছে সেই উৎসাহে কিন্তু পৰ্যটনৰ ক্ষেত্ৰত এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।এই ক্ষেত্ৰত যদি অসম চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে অঞ্চলটো পৰিদৰ্শন কৰি বাট পথকে ধৰি সৌন্দৰ্য বৰ্ধনৰ বাবে কিছু উন্নয়ন মূলক আঁচনি গ্ৰহণ কৰে তেন্তে অসম পৰ্যটনৰ বাবে অঞ্চলটোৱে এক আশাপ্ৰদ সফলতা কঢ়িয়াই অনাৰ পূৰ্ণ সম্ভাৱনা আছে।

Leave A Reply