Breaking

চাপৰৰ খেৰডুবিস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা…

0 18

চাপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । চাপৰৰ খেৰডুবিস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা । এখন চাৰিচকীয়া বাহন আৰু মালবাহী বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । স্থানীয় ৰাইজে ততাতৈয়াকৈ লোকসকলক চাপৰ চিকিৎসালয়লৈ লৈ যায় । চিকিৎসালয়ত চিকিৎসকে চাৰিচকীয়া বাহন খনৰ এজন যাত্ৰী নিহত বুলি ঘোষণা কৰে লগতে বাকী কেইজন আঘাতপ্ৰাপ্ত হয় ।

মালবাহী বলেৰো খনৰো চালক আৰু হেণ্ডিমেনৰ কিছু আঘাতপ্ৰাপ্ত হয় ।উল্লেখ্য যে চাৰিচকীয়া বাহন খনত একেটা পৰিয়ালৰ পাঁচ জন লোকে গুৱাহাটীৰ পৰা নিজ ঘৰৰ অভিমুখে আহি আছিল আৰু মালবাহী বলেৰো খন গুৱাহাটী অভিমুখে গৈ আছিল ।নিহত যাত্ৰী গৰাকী ধুবুৰী গৌৰীপুৰ বালাজানৰ আশিকা খাতুন বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনা গ্ৰস্ত চাৰিচকীয়া বাহন খনৰ নম্বৰ হৈছে AS-01-FX-0530 আৰু মালবাহী বলেৰো বাহন খনৰ নম্বৰ হৈছে AS-17-C-6049 । আনফালে স্পীট ব্ৰেকাৰ নথকাৰ বাবে সঘনাই এই ঠাইত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ । অতি শীঘ্ৰে এই ঠাইখিনিত স্পীট ব্ৰেকাৰ দিবলৈ বিভাগীয় কতৃপক্ষক আহ্বান জনায় ৰাইজে । ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন থানালৈ লৈ যায়

Leave A Reply