Breaking

ডিব্ৰুগড় জিলাৰ খোৱাং মাধকলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত…

0 72

ডিব্ৰুগড় জিলাৰ খোৱাং মাধকলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। নিহত ২


ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত মাধকলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত দুজন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়৷ টিংখাঙৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত এ এছ ২২ চি ৭৯৫৭ নম্বৰৰ এখন ডাম্পাৰে মহতিয়াই নিয়ে একেই দিশত গৈ থকা এ এছ ০৬ এক্স ০৪৩৫ নম্বৰৰ এখন মাৰুটি ভেনক৷ মহতিয়াই নিয়াৰ ফলত মাৰুতি ভেনখনত অহা এজন লোক

থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হোৱা দুজনৰ এজন ব‍্যক্তিৰ মৃত্যু হয় চিকিৎসালয়ত। নিহত হোৱা লোক দুজন ক্ৰমে টিংখাঙৰ ১ নং ধমন গাঁৱৰ দুলেশ্বৰ সোনোৱাল (৬৫) আৰু ধমন গাঁ‌ৱৰ অখিল সোনোৱাল (৪০)।

আহত হোৱা কপৌহুৱা গাঁ‌ৱৰ ৰঞ্জিত সোনোৱাল নামৰ ব‍্যক্তি জন বৰ্তমান চিকিৎসাধীন হৈ আছে অসম চিকিৎসা মহাবিদ্যালয়ত। নিহত হোৱা লোক দুজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ চালক জনক খোৱাং থানাৰ আৰক্ষীয়ে আটক কৰে

Leave A Reply