Breaking

গোৱালপাৰাত যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ বিস্ফোৰক সামগ্ৰীৰ বিশাল ভাণ্ডাৰ

0 48

অসম আৰক্ষীয়ে আজি গোৱালপাৰা জিলাৰ কৃষ্ণাইত এখন যাত্ৰীবাহী বাছৰ পৰা বিস্ফোৰক সামগ্ৰীৰ বিশাল ভাণ্ডাৰ উদ্ধাৰ কৰে।

মেঘালয়ৰ খাছি পাহাৰৰ লুটুম্বৰী আৰু অসমৰ হাতশিঙিমাৰী লৈ গৈ থকা এ এছ-২৫-এচি-৫৪৭৫ নম্বৰ পঞ্জীয়ন যুক্ত যাত্ৰীবাহী বাছখনৰ এজন ব্যক্তিৰ পৰা মুঠ ১১৬২টা জেলেটিন ষ্টিক আৰু ৯৯৮টা ডিটনেটৰ জব্দ কৰে।

এখন যাত্ৰীবাহী বাছত বিস্ফোৰক পৰিবহণৰ গোপন খবৰ লাভ কৰি ৰাজ্যৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে।

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ ৰজাবালাৰ বাসিন্দা আব্দুল মালেক নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
অৱশ্যে এই চালান যোগান ধৰা ব্যক্তিজন কোনো সংগঠনৰ সৈতে জড়িত নেকি সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলোৱা হয়।

ইফালে, জব্দৰ সৈতে অধিক সম্পৰ্ক জানিবলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক জেৰা অব্যাহত ৰাখিছে।

Leave A Reply