Breaking

মাজবাট আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ভাং…

0 40

মাজবাট আৰক্ষীৰ বৃহৎ সফলতা :

মাজবাটত পুণৰ ৪০৭ কেজি ভাং জব্দ:

জব্দকৃত ভাং খিনিৰ আনুমানিক মূল্য প্ৰায় ৪১ লাখ টকা:

ওদালগুৰি জিলাৰ উত্তৰ পূৱ কোনত অৱস্থিত মাজবাট এতিয়া ভাং সৰবৰাহ কাৰীৰ বাবে আন্তঃৰাজ্যিক কৰিডৰ হৈ উঠিছে। অৰুণাচল পাহাৰৰ পৰা দৈনিক সৰবৰাহ হৈছে লাখ লাখ টকাৰ নিষিদ্ধ ভাং,। আৰক্ষী প্ৰশাসনে দৈনিক এই অবৈধ ব্যৱসায়ী তথা ভাং জব্দ কৰি আহিছে যদিও বৰ্তমানো সম্পূৰ্ণ ৰোধ কৰিবলৈ সমৰ্থ হোৱা নাই। দিনে নিশাই আৰক্ষী প্ৰশাসনে অহৰহ তালাচী চলাই আছে যদিও সম্পূৰ্ণ ৰোধ কৰিব পৰা নাই। কালি নিশা পুণৰ মাজবাট আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

জানিব পৰামতে সন্ধিয়া ৰৌতাৰ আৰক্ষী চক্র পৰিদৰ্শক জিতেন্দ্র সিং, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে,লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা আৰু পঞ্চম অসম কমান্ডো বেটেলিয়নৰ লগত যোৱা এক বৃহৎ আৰক্ষীৰ দলে অসম – অৰুণাচল সীমান্তৰ ৰৌতা নদীৰ কাষত নিজৰা জংগলৰ নিকটৱৰ্তী ঘন হাবিৰ মাজেৰে পাহাৰৰ পৰা ভাং সৰবৰাহ কৰি থকা অৱস্থাত ৪০৭ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

সৰবৰাহকাৰীৰ দলটোৱে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশ কৰাৰ উমান পায় ভাং সমূহ এৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ ঘন অৰণ্যৰ মাজলৈ পলাই যায়। পিছত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ভাংখিনি মাজবাট আৰক্ষী থানালৈ লৈ আহে। ইতিমধ্যে মাজবাট আৰক্ষীয়ে ৮৭/২৩ নম্বৰত কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। জব্দ কৰা ভাংখিনিৰ আনুমানিক মূল্য প্ৰায় ৪১ লাখ হেজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Leave A Reply