Breaking

গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। আটক এজনক…

0 46

গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত গোসাইগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া হীৰেন ডেকাৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই এখন খালি টেইলাৰ ট্ৰাক আটক কৰি তালাচী চলোৱাৰ পিছত গাঞ্জা উদ্ধাৰ হয়। চোৰাং কৈ গাঞ্জা সৰবৰাহ কৰা টেইলাৰ বাহন খনৰ নম্বৰ আছিল NL01G8534 । ট্ৰেইলাৰ ট্ৰাকৰ চেছিছত লুকাই আনিছিল বৃহৎ পৰিমাণৰ গাঞ্জাৰ পেকেট সমূহ।

মুঠ ২২৩ টা গাঞ্জাৰ পেকেট আছিল বাহন খনত। অসমৰ বুকুৱেদি পশ্চিমবংগৰ কোনো ৰাজ্যত সৰবৰাহ চেষ্টা চলাইছিল এই বৃহৎ পৰিমাণৰ গাঞ্জা খিনি। আনহাতে আৰক্ষীয়ে টেইলাৰ চালক অজয় সাহানিক গ্ৰেপ্তাৰ কৰি অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে। চালক অজয় সাহানি গৰাকীৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে।

গোসাঁইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

Leave A Reply