মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…

মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা।

মাৰ্ঘেৰিটাৰ বৰগোলাই স্থিত টাচী ছৈলিং গোম্পাত ১০ মে’ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা বৌদ্ধ মূৰ্তি স্থাপন, প্ৰাণ প্ৰতিষ্ঠা আৰু ধৰ্মীয় কাৰ্য্যসূচীৰ আজি অন্তিম দিনত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়।

বহুলোকে তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকে এই বিশাল ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

এই ধৰ্মীয় শোভাযাত্ৰা বৰগোলাইস্থিত টাচী ছৈলিং গোম্পাৰ পৰা বৰগোলাই ৰেল গেট হৈ পুনৰ টাচী ছৈলিং গোম্পাত সামৰণি পৰে।

এই শোভাযাত্ৰাই অঞ্চলটোত এক ঐশ্বৰিক পৰিৱেশৰ সৃষ্টি কৰে।

Related Articles