Breaking

লাহৰীঘাট পঞ্জাৱ নেশনেল বেংকত গ্ৰাহকৰ প্ৰচণ্ড ভীৰ

0 2,020

 এফালে কৰোনা মহামাৰী ৰোগীৰ  আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাই যোৱাত প্ৰশাসনে বিভিন্ন জৰুৰী আইন বলৱৎ কৰিছে । মাক্স  , ছেনিটাইজাৰ  , সামাজিক দূৰত্ব বজাই ৰখা , সান্ধ্য  আইন বলৱৎ  ইত্যাদিকে আদি কৰি চৰকাৰে কৰোনাৰ বিপক্ষে যুঁজ দি  থকাৰ সময়তে  মৰিগাঁও জিলাৰ লাহৰীঘাট পঞ্জাৱ নেশনেল বেংকত  আজি পুৱাত দেখা গল  গ্ৰাহকৰ সম্পূৰ্ণ ব্যতিক্ৰমী দৃশ্য । আচলতে  লাহৰীঘাট বেংকত পূৰ্বৰে পৰা  এনে  অৱস্থা বহু বাৰ হৈছে  , বাতৰিও হৈছে  কিন্তু  বেংক কতৃপক্ষৰ  তৰফৰ পৰা কোনো ব্যৱস্থা লোৱা নাই । প্ৰথমতে বেংকৰ ভিতৰত গ্ৰাহকৰ বাবে বহাৰ আস্থানৰ  অভাৱ ।ভূৰবন্ধাৰ  উত্তৰে  ব্ৰহ্মপুত্ৰৰ দক্ষিণত ,  ভূৰাগাঁৱৰ পূৱে আৰু মৈৰাবাৰীৰ পশ্চিমত  এক বৃহৎ জন বহুল অঞ্চলৰ ভিতৰত একমাত্ৰ  এটা বেংক যাৰ বৰ্তমান নাম পঞ্জাৱ নেশনেল বেংক । আচল সমস্যা বৰ্তমান  গ্ৰাহকৰ লেনদেনৰ  পাছবুক  তথা টকা  উঠোৱা  অথবা জমা থোৱা  আৰু  এটি এম কাৰ্ডৰ পিন কোড  আদিৰ কামত  গ্ৰাহকে  ৰাতি পুৱাৰে পৰাই লাইনত  প্ৰখৰ ৰদত  থিয় হব লগাত পৰে।  ঈদৰ সময় চমু চাপি অহাৰ লগে লগে টকা উঠোৱাৰ ভীৰ বেছি । মুঠতে ইচ্ছা কৰিলে বেংক কতৃপক্ষই গ্ৰাহকৰ সুবিধাৰ্থে আগতীয়াকৈ জনাই দিয়া  , গ্ৰাহকৰ বাবে বাহিৰত ত্ৰিপাল আদিৰ  ব্যৱস্থা কৰিব লাগে । 

Leave A Reply