Breaking

ধুবুৰীৰ ফকিৰগঞ্জৰ ৰাধুৰাম চাৰিআলিত বজাৰত চুৰি কাণ্ড

0 2,247

ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ৰাধুৰাম চাৰিআলি বজাৰত সোমবাৰে নিশা সংঘটিত হয় এক চুৰি কাণ্ড । নিশাৰ ভাগত কোনোও নথকাৰ সুযোগলৈ চোৰে খাদিম  গোলাম মস্তাফা নামৰ কাপোৰ ব্যৱসায়ীৰ দোকানত প্ৰবেশ কৰি প্ৰায় ৬০/৭০ হাজাৰ টকা মূল্যৰ কাপোৰ চুৰ কৰি নিয়ে । ঘটনা সম্পৰ্কে ব্যৱসায়ী গৰাকীয়ে স্হানীয় ফকিৰগঞ্জ থানাত এখন এজেহাৰ দাখিল কৰিছে । আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই । এনে চুৰি কাণ্ডত এনে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

Leave A Reply