Breaking

জোনাইত বৃহৎ পৰিমাণৰ হিৰইন জব্দ৷ আটক এজন যুৱক৷

0 533

সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছে অভিযান৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ৷ আজি  ধেমাজি জিলাৰ জোনাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে৷  প্ৰায় ২০ লাখ টকাৰ ড্ৰাগছ সহ এজন ড্ৰাগছ ব্যৱসায়ীক ধৰা পেলাই স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ৷ আজি দুপৰীয়া  জোনাই বৈকুণ্ঠপুৰ নামে ঠাইত এক খৱৰ লাভ কৰি জোনাই মহকুমা আৰক্ষী বিষয়া ৰিতুৰাজ দলে আৰু জোনাই থানাৰ অচি প্ৰসন্ন সোনোৱালৰ নেতৃত্বত জোনাই  আৰক্ষীয়ে   অভিযান চলাই  প্ৰভাকৰ পেগু ওৰফে ভাইটি পেগু (৩০) নামৰ এজন যুৱক আটক কৰে৷ উক্ত যুৱকৰ জন পৰা আৰক্ষীয়ে তালাচী চলাই এটা প্লাষ্টিকৰ পেকেটত পাচটা সৰু বাকচত ভৰাই অনা অৱস্থাত এই বৃহৎ পৰিমাণৰ হিৰইন খিনি উদ্ধাৰ কৰে৷ ড্ৰাগছ ব্যৱসায়ী এই প্ৰভাকৰ পেগু নামৰ যুৱক জনে অৰুনাচল প্ৰদেশৰ এজন যুবকক বিক্ৰী কৰিবলৈ  লোৱাৰ সময়তে আৰক্ষীয়ে এই বৃহৎ মূল্যৰ ড্ৰাগছ খিনি জব্দ কৰে৷ যুৱকজনে  জোনাই আৰু অৰুনাচলত প্ৰদেশৰৰ বিভিন্ন অঞ্চলত বিক্ৰী বাবে ক্ৰয় কৰি আনিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছ৷ আৰু অধিক তথ্যৰ বাবে জোনাই আৰক্ষীয়ে যুৱক জনক সোধপোছ অব্যাহত ৰাখিছে৷ যিহেতু জোনাই মহকুমা অৰুণাচল সীমান্তৱৰ্তী এটা অঞ্চল সেই কাৰনে অতি সহজে ড্ৰাগছৰ ব্যৱসায় বহু দিনৰ পৰা চলি আহিছিল৷ মহকুমাটোৰ বহু উঠি অহা প্ৰজন্ম এই ড্ৰাগছৰ প্ৰতি আকৃষ্ট হয় মহকুমাটোৰ পৰিবেশ বিনষ্ট কৰি আহিছে৷ আজি জোনাই মহকুমা আৰক্ষীৰ এই অভিযানক আদৰণি জনাইছে৷ লগতে জোনাই বাসী ৰাইজ, দল- সংগঠনে আৰক্ষীক আৰু অধিক অভিযান চলাই এনে ড্ৰাগছ ব্যৱসায়ী আৰু সেৱন কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনায়৷ 

Leave A Reply