Breaking

ধুবুৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এগৰাকী লাট মণ্ডল আৰু এগৰাকী মাটিৰ দালাল।

0 2,037

 ধুবুৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এগৰাকী লাট মণ্ডল আৰু এগৰাকী মাটিৰ দালাল। দেওবাৰে গ্ৰেপ্তাৰ লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খান। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ ভয়ত প্ৰায় এমাহ সময় আত্মগোপন কৰি থাকি ১১ অক্টোবৰত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল হজৰত আলী আৰু মিৰ্জা খান। দেওবাৰে দুয়ো জামিনৰ কাগজ লৈ উপস্থিত হৈছিল ধুবুৰী সদৰ আৰক্ষী থানাত। নতুন এক গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। পূৰ্বতে মাটিৰ দালাল 22 জনক গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে ।
তেনে সময়তে পলাতক হৈ আছিল লাট মণ্ডল হজৰত আলী আৰু দালাল  মিৰ্জা খান । তেওঁ এজন পৰ্টেল সাংবাদিক বুলিও পৰিচয় দিছিল । বিলাসী গাড়ীত প্ৰেছ লগাই ঘূৰি ফুৰিছিল তেওঁ । দালালি কৰি তেওঁ বিশাল অট্টালিকা নিৰ্মান কৰিছে । যোৱা নিশা হজৰত আলীৰ ঘৰত অভিযান চলাই চৰকাৰী কাৰ্যালয়ৰ বহুতো ফাইলৰ লগতে নীতি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ফাইল জিলা উপায়ুক্তৰ কাৰ্যালয়তেই থাকিব লাগে কিন্তু সেই বোৰ ফাইল মণ্ডল হজৰত আলিৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Leave A Reply