Breaking

মাজুলীত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত ঠাকুৰসুঁতি গুৱালবাৰী মিচিং মধ্য ইংৰাজী বিদ্যালয়ত সাহিত্য প্ৰতিযোগিতা সম্পন্ন…

0 82

শনিবাৰে অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহিৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত ঠাকুৰসুঁতি গুৱালবাৰী মিচিং মধ্য ইংৰাজী বিদ্যালয়ত উজনি মাজুলীৰ বিস্তৃত অঞ্চলৰ কেইবাখনো প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ক সামৰি শিশু, ছাত্র-ছাত্রীসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন উপসমিতিৰ আহ্বায়ক মনোজ্যোতি ৰেগন আৰু কেন্দ্ৰীয় কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ ব্যৱস্থাপনাত অসম সাহিত্য সভাৰ দৃষ্টিভংগী অনুসৰি জনগোষ্ঠীয় ঐক্য-সম্প্ৰীতিৰ লগতে শিশু-কুঁহিসকলৰ সাহিত্যিক আৰু সাংস্কৃতিক উত্তৰণৰ বাবে এখন বিশেষ মঞ্চ প্ৰদানৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কবিতা আবৃত্তি আৰু আকস্মিক বাক্ প্ৰতিযোগিতাৰ দুটা পৰ্যায়তে শিশু তথা ছাত্র-ছাত্রীসকলৰ বৰ্ণিল প্ৰতিভাৰ প্ৰকাশ পৰিস্ফুট হয়।

সেই মৰ্মে নিম্ন শাখাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত অনুৰাগ নাথ, জোনমণি নিপুন, চন্দ্ৰমা নৰহে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰ লাভ কৰাৰ বিপৰীতে উচ্চ শাখাৰ কবিতা আবৃত্তিৰ প্ৰতিযোগিতাত দীপশিখা কামান, পূৰ্ণিমা কামান, মণিকা পায়েঙে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে | ইয়াৰ পিছতে আকস্মিক বাক্ প্ৰতিযোগিতাত নিম্ন শাখাত ক্ৰমে অনুৰাগ নাথ, শংকৰজ্যোতি শইকীয়া, গীতালী টাইদ আৰু উচ্চ শাখাত এঞ্জেলিনা পগাগ, হিমাশ্ৰী পগাগ আৰু পূৰ্ণিমা পগাগে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰ লাভ কৰে। ইফালে বিশেষ নিয়মানুৱৰ্তিতা অৱলম্বনৰ পুৰষ্কাৰ লাভ কৰে অঞ্জুমণি কাকতিয়ে।

ঠাকুৰসুঁতি গুৱালবাৰী মিচিং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেশ্বৰ পায়েঙে শুভ উদ্বোধন কৰা দুয়োখন প্ৰতিযোগিতাতে বৰগুৰি মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ডম্বৰুধৰ নাথ, মাজুলী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা প্ৰধান শিক্ষক অনুপ্ৰভা দেৱী, বৰগুৰি-যোৰবিল ৰূপজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক জিতু পগাগ, যোৰবিল জনজাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিব্যধৰ দাস, যোৰবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিচিত্র নাথ, বৰুৱাবাৰী জনজাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজীৱ বৰুৱা, বৰগুৰি প্ৰগতিশীল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুণী দেৱী, সহকাৰী শিক্ষকসকল ক্ৰমে মৃদুল দলে, পুষ্পজ্যোতি নৰহ, শশীধৰ কামান আৰু খগেশ্বৰ পগাগ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে।

গ্ৰাম্যাঞ্চলৰ প্ৰতিজন শিশু-অভিভাৱককেই অসম সাহিত্য সভাৰ লগত জড়িত হৈ ভাষা-জননীৰ সেৱাত উৎসৰ্গিত হ’বলৈ আহ্বান জনোৱা উক্ত কাৰ্য্যসূচীৰ প্ৰশংসা কৰে উপস্থিত সাহিত্যপ্ৰেমীয়ে। স্থানপ্ৰাপ্তসকলক অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহি উপসমিতিৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ, লেখন সামগ্ৰী তথা পুৰস্কাৰ বিতৰণৰ পিছতে জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Leave A Reply