Breaking

এক লিটাৰ গাধৰ গাখীৰৰ মূল্য ৫০০০ টকা! গাধৰ গাখীৰ বিক্ৰী কৰি প্ৰতিমাহে উপাৰ্জন কৰিছে তিনি লাখ টকা…

0 29

এক লিটাৰ গাধৰ গাখীৰৰ মূল্য ৫০০০ টকা! গাধৰ গাখীৰ বিক্ৰী কৰি প্ৰতিমাহে উপাৰ্জন কৰিছে তিনি লাখ টকা। অবিশ্বাস্যভাৱে গুজৰাটৰ এনে এটা ঘটনা পোহৰলৈ আহিছে। যুৱকজনৰ নাম ধীৰেন সোলাংকি। তেওঁৰ ৪২টা গাধ আছে। গুজৰাটৰ পাটন জিলাৰ বাসিন্দা ধীৰেন। গাধৰ গাখীৰ বিক্ৰী কৰি তেওঁ এতিয়া কোটিপতি।


ধীৰেনে কয় যে এক লিটাৰ গাধৰ গাখীৰ ৫ হাজাৰ টকাত বিক্ৰী কৰা হয়। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত গাধৰ গাখীৰৰ চাহিদা বৃহৎ। সেই ৰাজ্যসমূহত গাধৰ গাখীৰ যোগান ধৰি তেওঁ প্ৰতিমাহে ২-৩ লাখ টকা উপাৰ্জন কৰি আছে। কিয় এই ব্যৱসায়লৈ আহিল, এই পৰিকল্পনা কেনেকৈ হ’ল, গুজৰাটৰ এই যুৱকজনে সকলো ক’লে। ধীৰেনে কয় যে তেওঁ চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিছিল। অৱশেষত এটা ব্যক্তিগত কোম্পানীত চাকৰি পালে। কিন্তু তেওঁ যি দৰমহা পাই আছিল, সেই পইছাৰে ঘৰৰ খৰছ চলোৱাটো বৰ কষ্টকৰ হৈ পৰিল। তেতিয়াই আন কিবা এটা কৰাৰ চিন্তা মনলৈ আহিল ধীৰেণ। তেতিয়াই ধীৰেণৰ মনলৈ আহিল যে দক্ষিণ ভাৰতত গাধৰ গাখীৰৰ চাহিদা অতি বেছি, তেওঁ ভাবিলে ময়ো গাধৰৰ গাখীৰৰ বিক্ৰী কৰিম। তেতিয়াৰ পৰাই ধীৰেণে চাকৰি এৰি গাধৰ গাখীৰৰ ব্যৱসায় কৰাৰ সিদ্ধান্ত ল’লে।


ধীৰেনে লগতে কয় যে ব্যৱসায়ৰ আৰম্ভণিতে বহু সমস্যাৰ সৃষ্টি হৈছিল। গুজৰাটত গাধৰ গাখীৰৰ চাহিদা নাছিল। ফলত দক্ষিণৰ ৰাজ্যবোৰ ধীৰেনৰ ব্যৱসায়িক লক্ষ্য হৈ পৰিল। ধীৰেনে কয় যে এক লিটাৰ গাধৰ গাখীৰৰ দাম ৫-৭ হাজাৰ টকা।


Leave A Reply