Breaking

মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান এটি মৰমলগা কণমানিৰ মাতৃৰ ! চিকিৎসাৰ অভাৱত বিছনাতে দিন কটাবলগীয়া হৈছে কণমানিটিয়ে!

0 82

নলবাৰী জিলাৰ বাঁহজেনি উত্তৰ চুবাৰ ৰঞ্জিত তালুকদাৰৰ পৰিয়ালটোৱে চকুলো টুকিবলগীয়া হৈছে। মাতৃ জুনু ডেকাৰ কাতৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ, যাতে একমাত্ৰ কন্যা সন্তান জিজ্ঞাসী তালুকদাৰৰ(৪) শাৰীৰিক কষ্টৰ উপশম কৰিবলৈ বা চৰকাৰী সাহাৰ্য লাভ কৰে। উল্লেখ্য যে জন্মৰে পৰা অক্সিজেনৰ অভাৱত ব্ৰেনৰ ক্ষতি হৈ পৰা এই কণমানিটি বৰ্তমান অৰ্থৰ অভাৱত উন্নত চিকিৎসা অবিহনে নিজ গৃহতে যন্ত্ৰণাক্লিষ্ট জীবন অতিবাহিত কৰিবলগীয়াত পৰিছে।

কন্যা সন্তানটিৰ মাতৃয়ে জনোৱা মতে জন্মৰে পৰা অক্সিজেনৰ অভাৱত নকন্দা শিশুটিক GMCH ৰ ICU ত থৈ সকলো পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত থেৰাপী কৰিবলৈ দিছিল যদিও লোকৰ ঘৰত দিন হাজিৰা কৰা পিতৃয়ে আৰ্থিক দূৰৱস্থাৰ বাবে GMCH লৈ থেৰাপীৰ বাবে বাৰে বাৰে নিবলৈ অসমৰ্থ হোৱা হেতুকে আধৰুৱা হৈছে কণমাণিটিৰ চিকিৎসা ব্যৱস্থা। সেয়েহে, এতিয়া চকুলোৰে বাট নেদেখা পৰিয়ালটিয়ে বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কিছু সহায় যাতে শিশুটিৰ উন্নত চিকিৎসাৰ ব্যবস্থা কৰিব পাৰে। আনহাতে, মাতৃ জুনু ডেকাৰ কাতৰ আহ্বান যাতে অসমৰ মুখ্যমন্ত্ৰীযে শিশুটিক উন্নত চিকিৎসাৰ বাবে ব্যবস্থা গ্ৰহণ কৰি দিয়ে। কোনো সদাশয় লোকে শিশুটিক উন্নত চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিকভাৱে কিছু সহায় আগবঢ়াব বিচাৰিলে বেংক অফ ইণ্ডিয়াৰ বাহজেনী শাখাৰ Jigyashi Talukdar ৰ নামত থকা IFSC code BKID 0005004 আৰু একাউণ্ট নম্বৰ 500410110009000 ত পৰিয়ালটোক কিছু সহায় কৰিব পাৰিব।


নলবাৰীৰ পৰা পিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন

Leave A Reply